/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c4d05e0d-c068-4537-af7c-247115e61a1f/7.jpg)
ডিজিটেল সংবাদ, নগাঁও: বুধবাৰে নগাঁও জিলাৰ টোকলাই বেবেজীয়াত সংঘটিত হোৱা দূৰ্ঘটনাত আহত দুজনে ইতিমধ্যে কৰুণ মৃত্যুক সাৱতি লৈছে ৷ কৰুণ মৃত্যুক সাৱতি লোৱা দুজনৰ ভিতৰত আছে নগাঁও চহৰৰ আমোলাপট্টিৰ গীতাঞ্জলি শৰ্মা আৰু জুৰীয়াৰ মুশ্চিৰ্দা খাতুন ৷
নিহত গীতাঞ্জলি শৰ্মাই কন্যাৰ বিবাহৰ অভ্যৰ্থনাৰ বাবে নিমন্ত্ৰন জনাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ল'ব লগা হয় ৷ জানিব পৰা মতে, ডিচেম্বৰত গীতাঞ্জলি শৰ্মাৰ কন্যাৰ বিবাহৰ দিন ঠিক কৰা হৈছিল ৷ স্বামীহাৰা গীতাঞ্জলি শৰ্মাই নিজে কন্যাৰ বিবাহ ঠিক কৰি বজাৰ সমাৰৰ পৰা নিমন্ত্ৰণ জনোৱালৈকে সকলো কাম নিজে তদাৰক কৰি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় ৷ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে গীতাঞ্জলি শৰ্মাই ৷
ইফালে মেধাৰ বলত লাভ কৰা স্কুটী খন লোৱা নহ’ল মুৰ্শ্বিদা ফেৰদৌজৰ ৷ জুৰীয়া চামধৰাৰ মুৰ্শ্বিদা পিতৃ হাবিবুৰ ৰহমানৰ সৈতে এ এছ ০২ এ ডি ৬৮৭৩ নম্বৰৰ মটৰ চাইকেলৰে নগাঁৱলৈ আহিছিল ৷ মুৰ্শ্বিদাই লাভ কৰা স্কুটিৰ বাবে গনপতি হিৰ’ নামৰ প্ৰতিস্থানটিত নথি পত্ৰ জমা দিবলৈ আহিছিল ৷
আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে নেহৰুবালিত মুৰ্শ্বিদাই স্কুটীগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু গুৱাহাটীৰ পৰা নগাঁও চহৰলৈ অহা এ এছ ০৪ এ চি ৯৫২৭ নম্বৰৰ ট্ৰেভেলাৰৰ সৈতে মুৰ্শ্বিদা যোৱা মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষত পিতৃ আৰু কন্যা গুৰুতৰভাৱে আহত হৈ মেধাৱী ছাত্ৰী মুৰ্শ্বিদ ফেৰদৌচৰ মৃত্যু হয় ৷ পিতৃ বৰ্তমানেও চিকিৎসাধীন ৷
উক্ত দূৰ্ঘটনাটো তিনিখন গাড়ীৰ মাজত সংঘটিত হৈছিল ৷ ট্ৰেভেলাৰখনৰ অত্যাধিক বেগৰ বাবে এ এছ ০২ চি ৯০৮৬ নম্বৰৰ টেম্পু আৰু এ এছ ০২ এ ডি ৬৮৭৩ নম্বৰৰ বাইকখনক খুন্দা মাৰিছিল ৷ টেম্পুখনৰ আৰোহী আছিল নিহত গীতাঞ্জলি শৰ্মা ৷ দূৰ্ঘটনাটোত আহত আন ৫জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷
Also Read: প্ৰায় এবছৰে মাতৃৰ মৃতদেহৰ সৈতে কটালে দুগৰাকী কন্যাই...