/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9d0ce5d8-9cf0-4bce-8a20-2912f9609a48/5.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী টোকোলাই বেবেজীয়াত পুৰণা ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত দিনৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত ৪গৰাকী মহিলাসহ মুঠ ৭গৰাকী লোক অতি গুৰুতৰ ভাৱে আহত হয়।
মটৰ চাইকেল-টেম্পু আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এখন মটৰ চাইকেলে টেম্পু এখনৰ আগেদি পাৰ হৈ যোৱাত মটৰ চাইকেলখনক বচাবলৈ গৈ টেম্পু খনৰ গুৱাহাটীৰ পৰা আহি থকা ট্ৰেভেলাৰ এখনৰ উপৰিও মটৰ চাইকেলখনৰে মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোত তিনিওখন বাহনৰ মুঠ ৭গৰাকী লোক অতি গুৰুতৰভাৱে আহত হয়।আহত সকলৰ ভিতৰৰ ৪ গৰাকীয়েই মহিলা। লগে লগে আটাইকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। তেওঁ লোকৰ অৱস্থা সংকটজনক।
Also Read: বাহকজনিত ৰোগ নিয়ন্ত্ৰণত নগাঁও স্বাস্থ্য বিভাগৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা বঁটা লাভ