বাহকজনিত ৰোগ নিয়ন্ত্ৰণত নগাঁও স্বাস্থ্য বিভাগৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা বঁটা লাভ

বাহকজনিত ৰোগ নিয়ন্ত্ৰণত নগাঁও স্বাস্থ্য বিভাগৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা বঁটা লাভ

author-image
Asomiya Pratidin
New Update
বাহকজনিত ৰোগ নিয়ন্ত্ৰণত নগাঁও  স্বাস্থ্য বিভাগৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা বঁটা লাভ

ডিজিটেল সংবাদ, নগাঁও: বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নগাঁও জিলা বিভাগৰ অধীনস্থ মেলেৰিয়া বিভাগে শ্ৰেষ্ঠ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত নগাঁও জিলা মেলেৰিয়া বিভাগে জিলাখনত এইৰোগ নিয়ন্ত্ৰণ কৰাত আশাতীত সফলতা লাভ কৰিছিল।

এই ৰোগ নিয়ন্ত্ৰণত মন্থন দহ (১০) অভিযানত নগাঁও জিলাই ৰাজ্যখনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াৰ স্বীকৃতি হিচাবে গুৱাহাটীৰ প্ৰশাসনীয় ষ্টাফ কলেজত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন অভিযানে আয়োজন কৰা অনুষ্ঠানত নগাঁও মেলেৰিয়া বিভাগক ৰাজ্যখনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পাৰদৰ্শিতা বটা প্ৰদান কৰে।

মিচনৰ ৰাজ্যিক সঞ্চালক ড০ লক্ষ্মীপ্ৰিয়াই এই বঁটা প্ৰদান কৰে। নগাঁও স্বাস্থ্য বিভাগৰ হৈ নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অৰূপজ্যোতি মহন্ত, জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মা আৰু জিলা বাহক জনিত ৰোগ পৰামৰ্শদাতা চেহনাজ বেগমে এই বঁটা গ্ৰহণ কৰে। নগাঁও মেলেৰিয়া বিভাগৰ এই সাফল্যত বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল উৎফুল্লিত হৈ পৰিছে।

nagaon