ফাকুৱাৰ আনন্দৰ মাজতে নগাঁৱৰ উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

বুলেটত চুইফ্ট ডিজায়াৰৰ খুন্দা
ফাকুৱাৰ আনন্দৰ মাজতে নগাঁৱৰ উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...
ফাকুৱাৰ আনন্দৰ মাজতে নগাঁৱৰ উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাঁও জিলাৰ উৰিয়াগাঁৱত আজি পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগেৰে অহা চুইফ্ট ডিজাইয়াৰৰ খুন্দাত গুৰুতৰভাবে আহত হয় মটৰ চাইকেল আৰোহী।

জানিব পৰা মতে, কাজিৰঙাৰ পৰা গুৱাহাটীলৈ আহি থকা AS01 MC4335 নম্বৰৰ চুইফ্ট ডিজাইয়াৰ বাহনখনে AS02 AG 8200 নম্বৰৰ বুলেট মটৰ চাইকেলখনত খুন্দিওৱাৰ ফলত শ্যাম নামৰ যুৱকজন গুৰুতৰভাবে আহত হয়। মাজ উৰিয়াগাওঁ নিবাসী শ্যাম নামৰ যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত নগাঁও যান- বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰে।

ফাকুৱাৰ আনন্দৰ মাজতে নগাঁৱৰ উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...
ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in