ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ...

ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ...

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত পূৱালী আৰু প্ৰগতি মইনা পাৰিজাতৰ সহযোগত ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ খনি যোৱা ২৩ মাৰ্চৰ পৰা ঘিলামৰা নগৰ হাইস্কুলত অনুষ্ঠিত হৈ আছে। ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা, কবিতা আবৃত্তি, চিত্ৰাংকণ, আকস্মিক বক্তৃতা, বৰগীত, লোক সংগীত, সুগম সংগীত, সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰি মইনা সকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে।

আজি অন্তিম দিনাৰ পুৱা এঘাৰ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ঘিলামৰা বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ গগৈয়ে। বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রাত মইনা সকলে বিভিন্ন চৰিত্ৰৰ প্ৰতিকী ৰূপ, গায়ন-বায়ন, বিহু আদি পৰিৱেশন কৰি জীপাল কৰি তোলে। দিনৰ এক বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব।

মুকলি সভা উদ্বোধন কৰিব ঘিৱামৰাৰ প্ৰগতি মইনা পাৰিজাতৰ মইনা লক্ষ্যজিত ভাৰত বৰুৱাই, সভাপতিত্ব কৰিব ঢকুৱাখনাৰ প্ৰেৰণা মইনা পাৰিজাতৰ মইনা হৃতিকা ড’না, নিৰ্দিষ্ট বক্তা হিচাপে উত্তৰ লখিমপুৰ মইনা পাৰিজাতৰ মইনা দেৱাৰ্থ বৰাই, মইনা বক্তা হিচাপে মাজুলী জিলা মইনা পাৰিজাতৰ মইনা বৰ্ণাঢ্য প্ৰিয়ম নেওগ আৰু ধেমাজিৰ মৌপ্ৰিয়া মইনা পাৰিজাতৰ মইনা নীৰা কোঁৱৰে, ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ মইনা সকলে মইনাৰ মৌ মাত পৰিৱেশন কৰিব।

মুকলি সভাত মইনা অতিথি হিচাপে ঘিলামৰা আঞ্চলিক মইনা পাৰিজাতৰ মইনা শব্দশিল্প শইকীয়া , চেমনীয়া অতিথি হিচাপে ঢকুৱাখনা শংকৰদেৱ শিশু মইনা পাৰিজাতৰ গৌৰী শংকৰ দত্ত আৰু দক্ষিণ ঘিলামৰা মইনা পাৰিজাতৰ শাক্যদ্বীপ দত্তই অংশ গ্ৰহন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in