শিমলুগুৰি তিনিআলিত পথ দুৰ্ঘটনা

শিমলুগুৰি তিনিআলিত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,বেবেজীয়া : নগাওঁ জিলাৰ সদৰ সমষ্টিৰ শিমলুগুৰিত শুকুৰবাৰে সংঘটিত দুৰ্ঘটনা মাৰ নৌযাওঁতে শনিবাৰে সন্ধিয়া পুনৰ পথ দুৰ্ঘটনাত ২জন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰমতে আজি নিশা ৯ -০০বজাত শিমলুগুৰি তিনিআলিত এখন স্কুটিয়ে পথ অতিক্ৰম কৰোতে ধিং দিশৰ পৰা নগাঁও অভিমুখে আহি থকা কেঁচা মালভৰ্তি ব'লেৰ বাহন এখনে তীব্ৰ বেগত আহি খুন্দা মাৰে।

খুন্দা মৰাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত স্কুটীখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে কেঁচা মালভৰ্তি ব'লেৰ বাহনখন পলায়ন কৰে।

জানিব পৰামতে, দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীখনৰ নম্বৰ AS05 R 6244 । দুৰ্ঘটনাত আহত ব্যক্তি দুয়োজনৰেই নাম মুছলেম উদ্দিন। ইতিমধ্যে আহত ব্যক্তি ২জনক ৰাইজে উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

শিমলুগুৰি তিনিআলিত পথ দুৰ্ঘটনা
যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণ প্ৰসংগ : দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in