/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a01c32f6-0be0-4dbc-9e02-0b892c434da4/234.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকা বুলি অভিযুক্ত কৰা তিতাবৰ বিৰিনাশেকৰ যুৱক দীপাংকৰ গগৈৰ মৰণোত্তৰ প্ৰতিবেদনত চিকিৎসকে তেওঁক মৃত্যুৰ পূৰ্বে শৰীৰত জোৰেৰে আঘাত কৰা হৈছিল আৰু কানেৰে তেজ ওলাইছে বুলি উল্লেখ কৰিছে । দীপাংকৰৰ মৰণোত্তৰ প্ৰতিবেদনৰ এই ভয়ংকৰ তথ্য শুকুৰবাৰে পৰিয়ালে লাভ কৰাৰ পিছতে শনিবাৰে প্ৰয়াত দীপাংকৰ গগৈৰ বাসগৃহত এক সংবাদমেলৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনায়।
আজি দুপৰীয়া দীপাংকৰ পিতৃ- মাতৃৰ সৈতে এক সংবাদমেলত যোৰহাট আৰক্ষীৰ মানসিক আৰু নিৰ্যাতনৰ এই ভয়ংকৰ তথ্য প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুত শইকীয়াই কয় যে, দীপাংকৰ গগৈৰ মৰণোত্তৰ প্ৰতিবেদনত চিকিৎসকে শৰীৰত আঘাতৰ কৰা তথ্য উল্লেখ কৰিছে । অৰ্থাৎ মৃত্যুৰ পূৰ্বে তেওঁক নিৰ্মম অত্যাচাৰ কৰা হৈছিল।
আৰক্ষীৰ এনে মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহনন পথ বাছি লোৱাৰ বাহিৰে কোনো বিকল্প পথ নাছিল । দীপাংকৰ আত্মহত্যা কৰিবলৈ যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনা , এছ ডি পি অ' কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ অ'চি লক্ষ্মণ কুমাৰ দাসে বাধ্য কৰাইছিল বুলি উল্লেখ কৰে।
গতিকে দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্ত কৰা অসম চৰকাৰৰ অতিৰিক্ত সচিব কে চি ছামৰীয়াক সংগঠনটোৱে অনুৰোধ জনাই যে, দীপাংকৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন পুংখানুপুংখ ভাৱে বিশ্লেষণ কৰিব লাগে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত্যুৰ তদন্ত ঘোষণা কৰাৰ পিছত সংগঠনটো ন্যায়ৰ অপেক্ষাত থকাৰ কথা উল্লেখ কৰে।
সেয়ে সংগঠনটোৱে কোনো ধৰণৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা নাছিল বুলি মন্তব্য কৰে। দীপাংকৰৰ পিতৃ - মাতৃৰ বুকুত একুৰা জুই জ্বলি আছে। কালি চিকিৎসকৰ মৰণোত্তৰ প্ৰতিবেদন পৰিয়ালে লাভ কৰিছে।
লগতে কয়- "যোৱা ৮ জানুৱাৰীত আমি তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত যেতিয়া অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰীয়া তদন্ত সমিতিৰ সন্মুখত ৰাজহুৱা শুনানিত সাক্ষ্য দিবলৈ গৈছিলো, তেতিয়া তেওঁক স্পষ্টকৈ অৱগত কৰিছিলো যে, পৰিয়ালৰ পৰা যোৰহাট আৰক্ষী বিৰুদ্ধে এজাহাৰ দাখিল কৰা পিছতো এগৰাকী অভিযুক্ত এছ মোহনলাল মিনাই নিজেই তিতাবৰ থানাত দীপাংকৰ ঘটনাৰ ফাইল খুচৰি আছে। গতিকে তদন্ত সঠিক দিশত আগবঢ়াত আমাৰ সন্দেহ আছে।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে যিহেতু তেখেতক তদন্তৰ দায়িত্ব দিছে । আমাৰ কে চি ছামাৰীয়া ওপৰত গভীৰ বিশ্বাস আৰু আস্থা আছে। তদুপৰি কে চি ছামাৰীয়াও সেই সময়ত দীপাংকৰ মাতৃ আৰু ভগ্নীক স্পষ্টকৈ কৈছিল- আপোনালোকৰ ফোন নম্বৰ দিয়ক মই যোগাযোগ কৰিম। মই আপোনালোকৰ ওচৰলৈ পুনৰ আহিম। আপোনালোকৰ চোৱাচিতাৰ দায়িত্ব তিতাবৰ মহকুমাধিক বিপাঞ্চী দত্তক দিছো । কিন্তু তেওঁৰ তদন্তৰ আজি ৪৫ দিন উকলি গ'ল। আজিলৈকে প্ৰতিবেদনৰ কোনো তথ্য প্ৰকাশ নাপালে।"
লগতে কয়- "আনকি অতিৰিক্ত মুখ্য সচিব ছামাৰীয়াই পৰিয়ালক ফোন এটাও নকৰিলে। সেয়ে আজি আমি মৰণোত্তৰ প্ৰতিবেদন অহাৰ পিছত সংবাদমেলৰ জৰিয়তে দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায় আৰু দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালো। লগতে যিহেতু সৰিহয়ৰ ডুলিতেই ভুত আছে গতিকে তদন্ত প্ৰতিবেদন আজিও প্ৰকাশ কৰা নাই। আমি বিচাৰিলো অন্তত তদন্তৰ সময়খিনিত এছ পি মোহনলাল মিনা , এছডিপিঅ কাকলি পাটগিৰি আৰু অ'চি লক্ষ্মন কুমাৰ দাসক ৰিজাৰ্ভ ক্লজ কৰিব লাগিছিল।"
"আজি এছ পি, এছডিপিঅ আৰু অ'চিয়ে নিজৰ ঠাইত দপদপাই আছে । গতিকে তেওঁলোকে যিকোনো মুহূৰ্তত সাক্ষ্য প্ৰমাণ নষ্ট কৰিব পাৰে।" দীপাংকৰ গগৈৰ দুৰ্ভগীয়া পিতৃ-মাতৃক কাষত বহুৱাই সংবাদমেলত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আৰু কয় যে, দীপাংকৰ গগৈৰ মৃত্যুৰ মূল অভিযুক্ত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসক নিলম্বন নকৰাকৈ কৰা কোনো তদন্তই সঠিক আৰু নিৰপেক্ষ হ'ব নোৱাৰে বুলি উল্লেখ কৰে।
সংগঠনটোৱে প্ৰকাশ কৰি অহা সন্দেহ অনুসৰিয়ে নিৰ্দিষ্ট যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সুবাদতেই দীপাংকৰ পৰিয়ালে তৰা গোচৰৰ তদন্ত লেহেমীয়া কৰাই নহয়, মুখ্যমন্ত্ৰীয়ে তদন্তৰ দ্বায়িত্ব অৰ্পণ কৰা অতিৰিক্ত মূখ্য সচিবকো বিপথে পৰিচালিত কৰাৰ চেষ্ঠা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ প্ৰাপ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো ডেৰ মাহে লুকুৱাই ৰাখিলে আৰু শেষত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতিলিপিৰ বাফে দুৰ্ভগীয়া পৰিয়ালটো আদালতৰ কাষ চাপিব লগা হ'ল বুলি সংবাদমেলযোগে জনায়।
Also Read: তেজপুৰৰ পৱন কুমাৰ নাথৰ স্মৃতিত যুৱ কৃষক অমৰ সিং বসুমতাৰীলৈ 'যুৱ ব্যৱসায়ী বঁটা-২০২৪’