নগাঁৱৰ কঠিয়াতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

গাঁৱৰ কঠিয়াতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । কঠীয়াতলীৰ আৰক্ষী পহৰা চকীৰ সন্মূখত সংঘটিত ভংয়কৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় চালকৰ ।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কঠিয়াতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, কামপুৰঃ পুৱতি নিশা নগাঁৱৰ কঠিয়াতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । কঠীয়াতলীৰ আৰক্ষী পহৰা চকীৰ সন্মূখত সংঘটিত ভংয়কৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় চালকৰ । ৬ লেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাই নিৰ্মাণত গাফিলতি কৰাৰ বাবেই নিশা প্ৰায় তিনি মান বজাত বন্ধন বেংকৰ নিচেই সমীপত HR 39 E 4973 নম্বৰৰ ডাম্পায়ত খুণ্ডা মৰাৰ ফলত NL 076 C 9472 নম্বৰৰ বিলাসী বহন খনৰ চালক জনৰ থিতাতে মৃত্যু হয়।

Advertisment

মৃত অচিনাক্ত চালকজন নগালেণ্ডৰ হ'ব বুলি সন্দেহ কৰা হৈছে। ঘটনা স্থলীতে আজিৰ পৰা ২০ দিনৰ আগৰ পৰায়ে ড্ৰেন বনোৱাৰ উদ্দেশ্যে দ' গাত খান্দি পূৱ প্ৰগতি পথটো বন্ধ কৰি ৰাখিছিল । এইদৰে ৰাইজৰ গাড়ী, বাইক আদি যাব নোৱাৰাকৈ বন্ধ কৰি ৰখাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে ঘন কুঁৱলীৰ বাবে পাল মৰা বেৰিকেট ভাঙি এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

Also Read: বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন সন্মান...

nagaon road accident