বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন সন্মান...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সৰ জৰিয়তে দিলে এই খবৰ
বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন সন্মান...
বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন সন্মান...

ডিজিটেল ডেস্কঃ বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীলৈ আগবঢ়োৱা হৈছে ভাৰত ৰত্ন সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ ফেব্ৰুৱাৰী, শনিবাৰে এক্সৰ জৰিয়তে প্ৰকাশ কৰিছে এই খবৰ।

প্ৰধানমন্ত্ৰী মোডীয়ে এক্সত লিখিছে, ''শ্ৰী এল কে আদৱানীজীক ভাৰত ৰত্ন প্ৰদান কৰা হব বুলি উল্লেখ কৰিবলৈ পাই মই অতি আনন্দিত। মই তেওঁৰ সৈতেও কথা পাতিছো আৰু এই সন্মানৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ। তেওঁ আমাৰ সময়ৰ অন্যতম সন্মীয় ৰাষ্ট্ৰীয়লোক, ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান স্মৰণীয়। তেওঁৰ জীৱন তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰালৈকে আৰম্ভ হৈছিল। তেওঁ নিজকে আমাৰ গৃহমন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও বিশিষ্ট কৰি তুলিছিল।তেওঁৰ সংসদীয় হস্তক্ষেপ সদায়ে অনুকৰণীয়, সমৃদ্ধ অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ।''

উল্লেখ্যে যে, বিজেপিৰ এইগৰাকী বৰ্ষীয়ান নেতাই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজুৰি আৰম্ভ কৰিছিল ৰথ যাত্ৰা। তেওঁ আছিল ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বাধিক কালৰ ৰাষ্ট্ৰীয় সভাপতি।

ইয়াৰ জৰিয়তে তেওঁ এক অভিলেখ গঢ়িবলৈও সক্ষম হৈছে। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টী গঠনৰ পিছত এই পৰ্যন্ত কোনো এজন ব্যক্তিয়ে এই দলটোত তেওঁৰ সমান নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰা নাই।

১৯৮৬ ৰ পৰা ১৯৯০ চনলৈ তেওঁ একেৰাহে আছিল দলটোৰ সভাপতি। ইয়াৰ পিছত আকৌ ১৯৯৩ ৰ পৰা ১৯৯৮ লৈ আৰু ২০০৪ ৰ পৰা ২০০৫ চনলৈ তেওঁৰ হাততে আছিল এই দলটোৰ সভাপতিৰ দায়িত্ব। সাংসদ হিচাপে তেওঁ প্ৰায় ৩ দশকৰ অভিজ্ঞতাৰে পুষ্ট। প্ৰধানমন্ত্ৰী অটল বিহাৰী মন্ত্ৰীসভাত প্ৰথমে তেওঁ গৃহমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পাছত উপ-প্ৰধানমন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰে।

বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন সন্মান...
দ্বিতীয় টেষ্টত দ্বিশতক যশস্বী জয়ছোৱালৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in