কামপুৰত কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত বালিভৰ্তি ডাম্পাৰ

কামপুৰত কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত বালিভৰ্তি ডাম্পাৰ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দাঁপৰাত সোমবাৰে পুৱা এক অঘটন সংঘটিত হয়। লুটুমাৰী দিশৰ পৰা কামপুৰ-যমুনামুখ সংযোগী পথ অভিমুখে গৈ থকা এখন বালিভৰ্তি ডাম্পাৰ দাঁপৰাত পথৰ কালভাৰ্ট ভাঙি যোৱাত দুৰ্ঘটনাত পতিত হয় । স্থানীয় লোকে লগে লগে উক্ত ঘটনাৰ খবৰ কামপুৰ আৰক্ষীক দিয়াত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হয় । স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিভিন্ন শ্লোগান দি প্ৰতিবাদো সাব্যস্ত কৰে।

যাতায়ত ব্যাহত হৈ পৰাৰ বাবে ৰাইজে ডাম্পাৰৰগৰাকীক কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰাই দিয়াৰ দাবী তোলে। ৰাইজে কালভাৰ্টটো পুনৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত ডাম্পাৰখন কামপুৰ আৰক্ষী থানাত ৰখাই থবলৈ আৰক্ষীক অনুৰোধ জনায়। স্থানীয় লোকৰ ভাষ্য অনুসৰি গ্ৰামাঞ্চলৰ উক্ত পথচোৱাৰে বৰপানী নদীৰ পৰা ডাম্পাৰেৰে বালি সৰবৰাহ কৰি থকাৰ বাবে বানবিধ্বস্ত পথচোৱা কেইবা ঠাইতো বহি যোৱাৰ লগতে দুৰ্বল হৈ পৰিছিল কালভাৰ্টটো।

ডাম্পাৰখনৰ গৰাকীৰ হৈ উক্ত স্থানত উপস্থিত হোৱা লোকৰ সৈতে হোৱা আলোচনা মৰ্মে কালভাৰ্টটো নিৰ্মাণ কৰাই দিয়াৰ সিদ্ধান্ত হয় যদিও পিছত একাংশ লোকে আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হোৱাৰ লগতে হতাহতিৰো চেষ্টা কৰে। অৱশ্যে উপস্থিত সচেতন লোকৰ বাবে পৰিস্থিতি শাম কাটে। দুৰ্ঘটনাত পতিত ডাম্পাৰখনৰ নম্বৰ এ এচ ০২ ডি চি ৪৫০২ । গ্ৰামাঞ্চলৰ উক্ত পথচোৱাৰে বালি গাড়ীৰ চলাচল বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

কামপুৰত কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত বালিভৰ্তি ডাম্পাৰ
বাক্সাত ১২১ সংখ্যক দৌলযাত্ৰা মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in