বাক্সাত ১২১ সংখ্যক দৌলযাত্ৰা মহোৎসৱ

বাক্সাত ১২১ সংখ্যক দৌলযাত্ৰা মহোৎসৱ

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ ভোগপাৰাত পাঁচ দিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ১২১ সংখ্যক দৌল যাত্ৰা মহোৎসৱ।‌ এই মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। দৌল মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধন কৰি তেওঁ আনন্দিত হোৱা বুলি মন্তব্য কৰে ।

ধৰ্মীয় অনুষ্ঠানৰ জড়িয়তে সকলোকে একতাৰ ডোলেৰে আগবাঢ়ি যোৱাৰ লগতে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় কাৰ্যবাহী সদস্যগৰাকীয়ে। ১২১ সংখ্যক আঞ্চলিক দৌলযাত্ৰা মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধন কৰি তেওঁ এই দৌল মহোৎসৱৰ মাহাত্ম্য থকা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । প্ৰতি বছৰে গোসাঁনী যাত্ৰা কৰাৰ লগতে অন্তিম দিনা গোসানীক গাওঁ খনত দহৰ হিচাপে ঘুৰোৱা পৰম্পৰা আছে বুলি মন্তব্য কৰে ।

বাক্সাত ১২১ সংখ্যক দৌলযাত্ৰা মহোৎসৱ
মাজ জামুগুৰিত মেষ পূজাৰে দৌল-মহোৎসৱৰ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in