কলিয়াবৰত 'নামবৰ'ত খুন্দা মাৰিলে বিলাসী বাহনে...
কলিয়াবৰত 'নামবৰ'ত খুন্দা মাৰিলে বিলাসী বাহনে...

কলিয়াবৰত 'নামবৰ'ত খুন্দা মাৰিলে বিলাসী বাহনে...

৩ জন গুৰুতৰভাৱে আহত, এজনৰ অৱস্থা সংকটজনক

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰত। দেওবাৰে 'নামবৰ' নামৰ চুপাৰখনৰ সৈতে এখন চাৰিচকীয়া বিলাসী বাহনৰ মুখামুখী সংঘৰ্ষ হয়। ফলত ৩ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। তাৰে এজনৰ অৱস্থা সংকটজনক।

ঘটনাৰ বিৱৰণ অনুসৰি গোলাঘাটৰ পৰা গুৱাহাটীমুখে আহি আছিল নামবৰ নামৰ চুপাৰ বাহনখন। আনহাতে নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ আছিল এখন কিয়া বাহন।

তাৰ মাজতে হঠাতে কলিয়াবৰৰ হাৰমতীত কিয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই নামবৰ বাছখনত খুন্দা মাৰে। ফলত কিয়া বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হয়।

ইয়াৰ পাছতে স্থানীয় লোকৰ তৎপৰতাত কিয়া বাহনখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰা হয় আৰু জখলাবন্ধ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাহনখনৰ তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।

ইয়াৰে দুজন বিপদমুক্ত যদিও এজনৰ অৱস্থা সংতটজনক। অৱশ্যে বাছখনৰ যাত্ৰীসকল সুৰক্ষিত হৈ আছে। দুৰ্ঘটনাগ্ৰস্ত কিয়া বাহনখনৰ নম্বৰ AS 01EY 6665 আৰু নামবৰ নামৰ বাছখনৰ নম্বৰ AS 05AC 1600। দুৰ্ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰিছে।

কলিয়াবৰত 'নামবৰ'ত খুন্দা মাৰিলে বিলাসী বাহনে...
আৰক্ষীৰ জালত গৰু চোৰ, আটক ৩ জন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in