/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6a25312e-4b4d-4b76-83f5-2b076b103468/d.jpg)
ডিজিটেল ডেস্কঃ গৰু চোৰক কেন্দ্ৰ কৰি ভৱানীপুৰ গলীয়া পশু বজাৰত উত্তপ্ত পৰিস্থিতি। চুৰি কৰা গৰু বিক্ৰী কৰিবলৈ আহি আটক হ'ল ৩ যুৱক।
তিনিদিন পূৰ্বে পাঠশালাৰ বজালী জিলা উপায়ুক্তৰ সমীপৰ চৰণীয়া পথাৰৰ পৰা চোৰ হৈছিল তিনিটাকৈ গৰু। এই গৰু তিনিটা চুৰ কৰি ২৫ হাজাৰ টকাত বিক্ৰী কৰিছিল পাঠশালাৰ নীলমনি চৌধুৰীয়ে।
৩ জন যুৱেকে আজি নীলমনিৰ পৰা ক্ৰয় কৰা দুটা গৰু বিক্ৰী কৰিবলৈ গৈছিল গলিয়া পশু বজাৰত। কিন্তু আকস্মিকভাৱে গৰুৰ গৰাকীয়ে বজাৰ খনত যাঁওতে নিজৰ গৰু কেইটা চিনি পোৱাত সমস্ত ঘটনা পোহৰলৈ আহে।
ইতিমধ্যে আৰক্ষী গৰু চোৰ নীলমণিৰ পৰা গৰু ক্ৰয় কৰা ৰাকেশ দাস ( জালিখাটা) ,ইব্ৰাহীম আলি ( ডুবি) আৰু ৰৌপ হুছেইন ( পাঠশালা ইছলাম পুৰ) ক ভবানীপুৰ আৰক্ষী য়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এটা গৰু ৰাকেশ দাসৰ গৃহৰ পৰা উদ্ধাৰ কৰা হয় l ৰাকেশে এটা গৰু পুহিবলৈ ৰাখি থৈছিল। ঘটনা সন্দৰ্ভত গৰুৰ গৰাকী অপূৰ্ব কাকতি ভবানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
Also Read: কাৰ গাফিলতি? মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ সলনি ওলাল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত