ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ'ল কেমেৰাত...

ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ'ল কেমেৰাত...
ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ'ল কেমেৰাত...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ান কেম্পৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰয় চিচি কেমেৰাত।

নগাঁৱৰ পৰা বৰিবজাৰ অভিমুখে তীব্ৰ গতিৰে গৈ থকা AS-21-E-0445 নম্বৰৰ এখন ছুইফট ডিজায়াৰ কাৰৰ লগত বিপৰীত দিশত আহি থকা স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় পথৰ দাঁতিত থকা এখন মাংসৰ দোকানৰ চিচি টিভি কেমেৰাত। ঘটনাত গুৰুত্বৰ ভাবে আহত হয় জাজৰি মুছলমান গাঁৱৰ শ্বাকিল বখতিয়াৰ(২১) ৱাচিফ(২১) নামৰ দুজন যুৱক।

জানিব পৰা মতে যুৱক দুজনে স্কুটিৰে বেলতলৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ গৈছিল। বৰ্তমান নগাঁৱত চিকিৎসাধীন হৈ আছে যুৱক দুজন।

ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ'ল কেমেৰাত...
লণ্ডনৰ গেলাৰীত অসমীয়া চিত্ৰ শিল্পীৰ ছবি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in