/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/64e0271f-8681-4043-b161-3c9a0dea76e6/AP_FOR_WEB_NEW____bikhekh_lekha_2.jpg)
লণ্ডনৰ গেলাৰীত অসমীয়া চিত্ৰ শিল্পীৰ ছবি...
মৃদুল কুমাৰ সন্দিকৈ
সিপাৰে বাংলাদেশ। সেই বাংলাদেশলৈ আঙুলিয়াই কেইবাজনো নেতাই কৈছে- ''সেই দেশখন নথকা হ'লে আমি চাগে নেতাই নহলো হয়।'' এইটো এটা কাৰ্টুন। কাৰ্টুনটোত এনেদৰে স্বীকাৰোক্তি দিয়াসকলৰ ভিতৰত কেইবাখনো চিনাকী মুখ আছে।
অসমৰ ৰাজনীতি , ছাত্ৰ ৰাজনীতিৰ সৈতে সেই নেতাসকল জড়িত। এটা মাত্ৰ বাক্যৰে অসমৰ ৰাজনীতিত বংলাদেশৰী প্ৰাসংগিকতাক তুলি ধৰাত সফল হৈছে এইগৰাকী কাৰ্টুনিষ্ট।
কেৱল তেওঁ কাৰ্টুনেই অংকন নকৰে। কেতিয়াবা কিতাপৰ বেটুপাত, কেতিয়াবা গল্প, কবিতা স্কেছ, আন কেতিয়াবা তেওঁ ৰং আৰু তুলিকাৰে আঁকে জীৱন আৰু সমাজৰ ছবি। চিত্ৰৰ সৈতে তেওঁৰ সাধনা আজিৰ নহয়।
সম্ভৱতঃ ১৯৯৫ চনৰ পৰাই তেওঁ এইদৰে হাতত তুলি লোৱা ৰং আৰু তুলিকা আজিও ধৰি ৰাখিছে। অসমীয়া কিতাপৰ বেটুপাত বুলি কলেই তেওঁৰ নামটো মনলৈ আহে। এহেজাৰৰো অধিক কিতাপৰ বেটুপাতৰ আঁৰৰ মানুহজন তেওঁ।
হোমেন বৰগোহাঁই, হীৰেণ গোহাঁই, ৰীতা চৌধুৰী, অৰূপা পতংগীয়া কলিতা কাৰ কিতাপৰ বেটুপাত তেওঁ অঁকা নাই ! তেওঁ বেটুপাত অংকন কৰা ৪ খনকৈ কিতাপে সাহিত্য একাডেমীৰ সন্মানো লাভ কৰিছে।
'মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা', 'ইয়াত এখন অৰণ্য আছিল', 'দেওলাংখুই' আৰু 'ডাঙৰ মানুহৰ সাধু'ৰ বটুপাত তেওঁৰে আছিল। শেহতীয়াকৈ তেওঁ লণ্ডনৰ পৰা উভতি আহিছে। লণ্ডনলৈ যোৱাৰ কাৰণো ছবি।
২৮ মাৰ্চ ২০২৩ ৰ দিনা তেওঁ ৰাওনা হৈছিল দিল্লীলৈ। তাৰ পাছত ২৯ মাৰ্চৰ পুৱা উঠিছিল লণ্ডনমুখী বিমানত। কাজাখিস্তানত এৰাতি থাকি ৩০ মাৰ্চত উপস্থিত হৈছিলগৈ লণ্ডন চহৰত।
এয়া আছিল তেওঁৰ বাবে সপোন। ৩ এপ্ৰিলত পৰা লণ্ডনত। ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ অধীনস্থ নেহেৰু চেণ্টাৰৰ আৰ্ট গেলাৰীত আৰম্ভ হৈছিল এখন চিত্ৰ প্ৰদৰ্শনী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই চিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছিল তেওঁৰো দুখন ছবি।
পুথিচিত্ৰৰ আধাৰত অংকন কৰিছিল এই ছবি দুখন। দেশ,বিদেশৰ মুঠ ১৬ জন শিল্পীয়ে এই প্ৰদৰ্শনীত অংশ লোৱাৰ সুযোগ লাভ কৰিছিল। তেওঁৰ উপৰিও অসমৰ আন ৩ জন শিল্পীয়ে এই প্ৰদৰ্শনীত অংশ লৈছিল।
তেওঁলোক ক্ৰমে সুজিত দাস, মিণ্টু ডেকা আৰু মুকল দুৱৰা। পশ্চিমবংগ, দিল্লীৰ চিত্ৰশিল্পীৰ উপৰিও এই প্ৰদৰ্শনীত অংশ লৈছিল লেবাননৰ এজন, টাইৱানৰ এজন আৰু আমেৰিকাৰ এজন চিত্ৰশিল্পীয়ে।
এছ এম ডি ফাউণ্ডেশ্যনে আয়োজন কৰা এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰিছিল লণ্ডনস্থিত ভাৰতৰ উপ-উচ্চায়ুক্ত সঞ্জয় কুমাৰ শৰ্মাই। প্ৰদৰ্শনী চাবলৈ লণ্ডনত বাস কৰা বহু অসমীয়া আহিছিল। মানুহবোৰে ছবিৰ সৈতে একাত্ম হৈছিল।
পুথিচিত্ৰৰ আধাৰত নিজস্ব ধৰণৰে তেওঁ অকংন কৰা ছবি দুখনে কলাপ্ৰেমী ৰাইজক সন্মোহিত কৰিছিল। ৮ এপ্ৰিল ২০২৩ ত তেওঁ উভতি আহি দিল্লী পাইছিলহি। সেই অভিজ্ঞতা সন্দৰ্ভত তেওঁ কৈছিল- কেতিয়াবা যে লণ্ডনত মোৰ ছবি প্ৰদৰ্শন হ'ব সেয়া সপোনতো ভবা নাছিলো। এই অভিজ্ঞতা মোৰ বাবে সাংঘাতিক। সপোন সপোন লাগি আছে এতিয়াও।
তাত অসমৰ যিখিনি মানুহ লগ পাইছিলো তেওঁলোকৰ আত্মিয়তাই মোক মুগ্ধ কৰিছিল। মোক সুধিছিল জুলাই, অক্টোবৰত তেওঁলোকে এক অনুষ্ঠান আয়োজন কৰিব। মই যাব পাৰিম নেকি?
লণ্ডনৰ পৰিৱেশ অতি পৰিপাটি। মানুহবোৰ বৰ চিজিল। বাট-পথত বহু গাড়ী যান-জট নাই। লণ্ডন ব্ৰীজ দেখি অভিভূত হ'লো। ৱাকিংহাম পেলেচ স্বচক্ষে দেখিলো। সেইবোৰ আগতে ফটোতহে দেখিছিলো। সঁচাই বৰ ভাল অভিজ্ঞতা লৈ ঘূৰি আহিছো।
অসমীয়া সংবাদ জগতৰ সৈতেও তেওঁ জড়িত। কেইবাখনো কাকত, আলোচনীত তেওঁ নিয়মীয়াকৈ কাৰ্টুন আৰু ৰেখাচিত্ৰ অংকন কৰিছিল। 'অসমীয়া প্ৰতিদিন' কাকতত ২০ বছৰ আছিল তেওঁ কাৰ্টুনিষ্ট হিচাপে।
বৰ্তমান 'আছাম ট্ৰিবিউন'ত তেওঁ কৰ্মৰত। ইজিপ্ত, বাংলাদেশ, ভূটান, নেপাল আদি দেশৰ উপৰিও ভাৰতৰ প্ৰায় প্ৰতিটো গেলাৰীতেই তেওঁৰ ছবি প্ৰদৰ্শিত হৈছে। বিভিন্ন কৰ্মশালাত তেওঁ ভাগ লৈছে।
২০১২-১৩ বৰ্ষত তেওঁ লাভ কৰিছিল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে আগবঢ়োৱা নেচনেল ফেলোশ্বিপ (জ্যেষ্ঠ)। তেওঁৰ কাৰ্টুনে শ্ৰেষ্ঠ কাৰ্টুনৰ সন্মানো লাভ কৰিছিল। অতি শেহতীয়াকৈ তৰণী কান্ত বৰ্মন সন্মান লাভ কৰিছিল তেওঁ।
ছবি তেওঁ কিমান আঁকিছে সেই হিচাপ ৰখা নাই। ছবিয়ে তেওঁক এক পৰিচয় দিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ এতিয়া প্ৰতিষ্ঠা লাভ কৰিছে। ছবিৰ বাবেই তেওঁ লণ্ডনলৈ গৈছে।
এগৰাকী অসমীয়া কাৰ্টুনিষ্ট, চিত্ৰশিল্পীৰ বাবে এয়া অতি সুখৰ কথা। অসমীয়াৰ বাবেই এয়া গৌৰৱৰ বিষয়। চিত্ৰৰে বিশ্বমুখী এই যাত্ৰা আৰম্ভ কৰা এই শিল্পীগৰাকী আন কোনো নহয় প্ৰদীপ নাথ।
Also Read: মুম্বাই বনাম চি এছ কেঃ মেচৰ পূৰ্বে চাওক পূৰ্বৰ ৰেকৰ্ড...