সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ "ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা"

সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ "ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা"

author-image
Asomiya Pratidin
New Update
সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ "ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা"

ডিজিটেল সংবাদ, নগাঁওঃ সত্ৰীয়া সংস্কৃতিৰ সাধক, চিন্তাশীল লেখক, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্তৰ সোঁৱৰণত নগাঁও জিলা সত্ৰ মহাসভাই ঘোষণা কৰা "ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা এই বৰ্ষত বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক কৰ্মী তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামী দেৱলৈ আগবঢ়োৱা হৈছে।

Advertisment

দেওবাৰে প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্ত দেৱৰ বাৰ্ষিক তিৰোভাৱ তিথিৰ দিনটোতে নগাঁও জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। অহা ১৫ নৱেম্বৰ'২০২৩ তাৰিখত অনুস্থিত হ'ব লগীয়া সত্ৰীয়া সংস্কৃতি দিৱসৰ গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানত বিশিষ্ট সমাজ-সাংস্কৃতিক কৰ্মী ভৱ গোস্বামী দেৱক এই জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব বুলি নগাঁও জিলা সত্ৰ ৰয় মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্তই সদৰি কৰে।

Also Read: সংবাদ মাধ্যমৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি সাংবাদিকৰ ৰোষত ৰমাকান্ত দেউৰী

nagaon