মণ্ডলক সকিয়নি ৰাজহ মন্ত্ৰী যোগেন মহনৰ...

ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডলসকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকিয়নি মন্ত্ৰী যোগেন মহনৰ

author-image
Asomiya Pratidin
New Update
মণ্ডলক সকিয়নি ৰাজহ মন্ত্ৰী যোগেন মহনৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অহা দুমাহ ভিতৰত ৰাজ্যত প্ৰৱৰ্তন হ'ব ই দলিলৰ ব্যৱস্থা। ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডলসকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকিয়াই দিয়ে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।

Advertisment

সোমবাৰে জামুগুৰিহাটত শোণিতপুৰ জিলাৰ ভিতৰতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ চি বি এছ চি পাঠ্যক্ৰমৰ প্ৰথমখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰদান কৰি এইদৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডলসকলক সকিয়াই দিয়ে ৰাজহ মন্ত্ৰী গৰাকীয়ে । ভূমি সংক্ৰান্তীয় সকলো বিবাদ মীমাংসা বাবে বসুন্ধৰা -২জৰিয়তে সকলো কাম চলি থকাৰ সময়তে দুই এটকা পইচাৰ কাৰণে মণ্ডলসকলে মাজে সময়ে হাত দাঙি থাকিব লগা হোৱাটো অতিকৈ লজ্জাজনক বুলি অভিহিত কৰি মন্ত্ৰী যোগেন মহনে দুৰ্নীতি ৰোধ কৰাৰ বাবেই অহা দুটামাহৰ ভিতৰত ই-দলিলৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত আছিল।

Also Read: দৰিদ্ৰতাকো নেওচি নীটৰ পৰীক্ষাত সফলতাৰে উজ্বলিল মনজিৎ কলিতা...

jogen mohan Lat mandal