দৰিদ্ৰতাকো নেওচি নীটৰ পৰীক্ষাত সফলতাৰে উজ্বলিল মনজিৎ কলিতা...

দৰিদ্ৰতাকো নেওচি নীটৰ পৰীক্ষাত সফলতাৰে উজ্বলিল মনজিৎ কলিতা

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰতাকো নেওচি নীটৰ পৰীক্ষাত সফলতাৰে উজ্বলিল মনজিৎ কলিতা...

ডিজিটেল সংবাদ, ধেমাজিঃ অধ্যৱসায়ৰ এক নিদৰ্শন দাঙি ধৰিলে ধেমাজিৰ চিচিবৰ গাঁওৰ ধূনাগুৰি কলিতা গাঁৱৰ মনজিতে ৷ শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত নীট পৰীক্ষাৰ ঘোষিত ফলাফলত উজ্বলিল মনজিৎ কলিতা ৷ খেতি-বাতি আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দম্বৰু কলিতা আৰু অমিয়া কলিতাৰ একমাত্ৰ পুত্ৰ মনজিৎ কলিতা ৪৬৩ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় বহু প্ৰত্যাশিত নীট পৰীক্ষাত ৷

Advertisment

২০২১ বৰ্ষত ধেমাজি জেএনবিৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯২.৬ শতাংশ নম্বৰ লাভ কৰি ঘৰতে বহি মাত্ৰ এটা ম'বাইলৰ জৰিয়তে ইণ্টাৰনেটত উপলব্ধ তথ্য, পৰামৰ্শ আৰু অনলাইন ক'চিঙৰ জৰিয়তে প্ৰস্তুতি চলাই নীট পৰীক্ষাত মনজিৎ কলিতাই নিজা প্ৰচেষ্টাৰে উত্তীৰ্ণ হব'লৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷

কৃতি ছাত্ৰ মনজিৎ কলিতাই অনেক সমস্যাকো নেওচি দৈনিক ৮ ৰ পৰা ১০ ঘন্টা অধ্যয়ন আৰু অনুশীলন কৰি এই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে । এই প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱাত সহায় কৰিছিল ম'বাইল ফোনটোৱে ।

Also Read: নিশা চাইকেলেৰে গাওঁ-চহৰ ভ্ৰমণ কৰি লৈ আনে সামগ্ৰী: আৰক্ষী অভিযানত আটক...

NEET