/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/de36fb69-6f25-4bd7-9cf7-f0cf7a689087/nagaon_19.jpg)
দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বিতৰ্কিত বিষয়া আখতাৰ হুছেইনৰ আন এক কু-অভিসন্ধি ফাদিল...
ডিজিটেল সংবাদ বটদ্ৰৱাঃআয় বহির্ভূত সম্পত্তিৰ অভিযোগত সোমবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে আখতাৰ হুছেইন নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বন বিষয়াৰ দুটাকৈ স্থানত থকা বাসগৃহত অভিযান চলোৱাৰ পাছত মঙ্গলবাৰে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বিতৰ্কিত বিষয়া আখতাৰ হুছেইনৰ এক কু-অভিসন্ধি ফাদিল কৰে বটদ্ৰৱাৰ বৰভেটি গাঁৱৰ ওচমান গনি নামৰ এজন যুৱকে।
নগাঁৱত ভূমি সংৰক্ষণ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত বটদ্ৰৱাৰ এই যুৱকৰ পৰা প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি নিছিল। যুৱক জনক আখতাৰ হুছেইনে ২০২০/২০২১ আৰু ২০২১/২০২২ বৰ্ষত শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ মীনপাম আৰু সোনাইৰ কেনেল কপাহেৰা কামৰ নামত আৱন্তন হোৱা মুঠ ১৭,১০,২০০ টকা যুৱক জনক নিদি সমুদায় ধন এই গৰাকী বিতৰ্কিত বিষয়াই উঠাই লৈছিল।
ঋণ লৈ যুৱক জনে কাম কৰা ধন বিচাৰি আখতাৰ হুছেইনৰ নগাঁৱৰ বাসগৃহ আৰু গুৱাহাটীৰ বাসগৃহলৈ তাতবাতি কৰি কেইবাটাও কিস্তিত মুঠ ৯,২৫,০০০ টকা ওচমান গনিক দিয়ে যদিও ৭,৮৫,২০০ টকা এতিয়াও আখতাৰ হুছেইনে যুৱক জনক দিয়া নাই। যাৰ বাবে ইতিমধ্যে এইগৰাকী বিতৰ্কিত বিষয়াৰ বিৰুদ্ধে অসমৰ ভূমি সংৰক্ষণ বিভাগত অভিযোগ দাখিল কৰিছিল যুৱকজনে।
মঙ্গলবাৰেবটদ্ৰৱাত ঋণ লৈ কাম কৰি ধাৰত জুৰুলা হৈ পৰা যুৱক জনে সংবাাদমাধ্যমৰ যোগেদি আৰক্ষী প্ৰশাসনক ন্যায় প্রদানৰ বাবে আহ্বান জনায়।
Also Read: কামৰ অধিক বোজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...