কামৰ অধিক বোজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...

কামৰ অধিক বুজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...
কামৰ অধিক বুজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তগৰাকীয়ে পূৰ্বৰ দৰে অধিক কামৰ বুজা বহণ কৰিব নালাগে। তাৰ পৰিৱৰ্তে অধিক সময় কাৰ্যালয়তে ব্যস্ত থাকিব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমতি নোহোৱাকৈ কোনো অনুষ্ঠানত মুখ্য অতিথি, অতিথি হিচাপেও উপস্থিত থাকিব নোৱাৰিব। কামৰূপ মহানগৰ জিলাৰ জিলা পৰ্যায়ৰ সকলো কাৰ্যালয়কে ৰাজ্যৰ আন কাৰ্যালয়ৰ বাবে আদৰ্শ হিচাপে গঢ়ি তুলিব লাগিব।

ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ দৈনিক কাৰ্যসূচী সন্দৰ্ভত কেতবোৰ নতুন নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ জৰিয়তে জিলা আয়ুক্ত জনে পূৰ্বে যিদৰে কামৰ অতিৰিক্ত বুজা বহণ কৰিবলগীয়া হৈছিল সেই ক্ষেত্ৰত বহু পৰিমাণে ৰেহাই দিয়া হৈছে।

এতিয়াৰে পৰা কামৰূপ (মেট্ৰ) জিলাৰ আয়ুক্তগৰাকী কেৱল জিলা আয়ুক্ত হিচাপে কাৰ্যালয়ত নিতৌ উপস্থিত থাকিব লাগিব আৰু জিলা আয়ুক্ত হিচাপে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ইয়াৰ বিপৰীতে ইতিপূৰ্বে পালন কৰি অহা বহু দায়িত্বৰ পৰা তেওঁক মুক্ত কৰা হৈছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে কোনো ৰাজ্যিক পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তগৰাকীয়ে পূৰ্বে ৰাজ্যলৈ আগমণ ঘটা বিভিন্ন অতিথিক গুৱাহাটী বিমান বন্দৰত আদৰণি জনাইছিল। কিন্তু এতিয়াৰে পৰা তেওঁ এনেদৰে কোনো অতিথিক আদৰণি জনাব নালাগে।

তেওঁ কেৱল ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকৰ আগমণ ঘটিলেহে প্ৰ'টকল অনুসৰি আদৰণি জনাবলৈ যাব পাৰিব। আন অতিথিক আদৰণি জনাবলৈ এ ডি চি পৰ্যায়ৰ বিষয়াহে যাব পাৰিব।

যদি কোনো কাৰণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ৩ দিনতকৈ অধিক সময়ৰ বাবে ৰাজ্যৰ বাহিৰলৈ যায় তেন্তে কামৰূপ মহানগৰৰ আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক বিমানবন্দৰতে সাক্ষাৎ কৰি তেওঁৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী পুনৰ ৰাজ্যলৈ ঘূৰি অহাৰ সময়ত তেওঁক আদৰিবলৈ বিমান বন্দৰলৈ যাব লাগিব। যদিহে তিনি দিনতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ বাহিৰলৈ যায় বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যায় তেন্তে তেওঁ বিমান বন্দৰলৈ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজন নাই।

সকলো ৰাজ্যিক পৰ্যায়ৰ বৈঠকত য'ত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উপস্থিতিৰ প্ৰয়োজন তেনে বৈঠকত জিলা আয়ুক্তগৰাকীয়ে এজন এ ডি চিক ইয়াৰ বাবে নিয়োগ কৰিব পাৰিব। বৈঠকত লাভ কৰা নিৰ্দেশনাসমূহ জিলা আয়ুক্তগৰাকীক অৱগত কৰিব লাগিব আৰু জিলা আয়ুক্তগৰাকীয়ে সেই নিৰ্দেশনাসমূহ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগিব।

অৱশ্যে য'ত তেওঁৰ প্ৰয়োজন হ'ব তাত তেওঁ ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰিব পাৰিব। নগৰ উন্নয়ন বিভাৰ গুৱাহাটী মহানগৰবাসীৰ বিষয় সন্দৰ্ভত অনুষ্ঠিত হোৱা বৈঠক যেনে কৃত্ৰিম বানপানী আদি বিষয়ক বৈঠকত তেওঁ অংশগ্ৰহণ কৰিব পাৰিব।

কামৰূপ মহানগৰ জিলাৰ আয়ুক্তগৰাকীয়ে তেওঁৰ ক্ষমাতৰ অধীনস্থ সকলো বিভাগৰ বিষয়াৰ সৈতে নিয়মিতকৈ তেওঁৰ কাৰ্যালয়ত বৈঠকত মিলিত হ'ব লাগিব। সকলো বিষয়াৰ সৈতে যোগাযোগ ৰাখিব লাগিব। পৰাপক্ষত তেওঁক মুখ্য অতিথি, অতিথি হিচাপে আমন্ত্ৰণ কৰা সকলো ৰাজহুৱা ফাংচন এৰি চলিব লাগিব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি লাভ কৰিলে অৱশ্যে তেওঁ এনে ফাংচনত অংশগ্ৰহণ কৰিব পাৰিব।

জিলা আয়ুক্তগৰাকীয়ে যিমান পাৰে সিমান তেওঁক সাক্ষাৎ কৰিবলৈ অহা লোকসকলক সময় দিব লাগিব। যদিহে নোৱাৰে তেন্তে তেওঁ তেনে লোকসকলক সাক্ষাৎ কৰাৰ বাবে বিষয়া নিয়োগ কৰিব পাৰিব। কামৰূপ মহানগৰ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ, জিলা পৰ্যায়ৰ কাৰ্যালয়, উন্নয়ন মূলক প্ৰকল্প আদি নিয়মিতভাৱে পৰ্যবেক্ষণ কৰিব লাগিব।

তেওঁ জিলাখনৰ সকলো কাৰ্যালয়কে ৰাজ্যখনৰ আন আন কাৰ্যালয়ৰ বাবে আদৰ্শ কাৰ্যালয় হিচাপে গঢ়ি তুলিব লাগিব। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মধ্যভূগীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব।

কামৰ অধিক বুজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...
নিমাত প্ৰধানমন্ত্ৰী মোডীঃ অসহায় বিৰোধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in