ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তে কংগ্ৰেছ নেতাৰ দল ত্য়াগ

ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তে কংগ্ৰেছ নেতাৰ দল ত্য়াগ

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তে কংগ্ৰেছ নেতাৰ দল ত্য়াগ

ডিজিটেল সংবাদ,নগাঁও : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তে দল ত্যাগ দুই কংগ্ৰেছ নেতাৰ। নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ফকৰ উদ্দিনে ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সময়তে দল ত্যাগ কৰা ঘটনাই তীব্ৰ জোকাৰনিৰ সৃষ্টি কৰিছে কংগ্ৰেছত ৷ ৰাজ্যৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নেতা ফকৰ উদ্দিন। পদত্যাগী ফকৰ উদ্দিন কংগ্ৰেছৰ আৰ টি আই চেলৰ নগাঁৱৰ সভাপতিৰ দায়িত্বত আছিল ৷ পদত্যাগৰ পাছতে তেওঁ সমাজবাদী দলত যোগদান কৰিছে ।

Advertisment

ইফালে বটদ্ৰবাৰো এজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে । সাংসদ গৌৰব গগৈৰ ঘনিষ্ঠ দলত্যাগী কল্যান কলিতা নগাঁও জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত আছিল ৷ কংগ্ৰেছ নেতা কল্যান কলিতাই দলত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত কল্যান কলিতাই বিজেপিত যোগদান কৰে ৷

Also Read: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বাসুগাঁৱৰ তিনিগৰাকীকৈ প্ৰাৰ্থী

congress