Advertisment

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বাসুগাঁৱৰ তিনিগৰাকীকৈ প্ৰাৰ্থী

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বাসুগাঁৱৰ তিনিগৰাকীকৈ প্ৰাৰ্থী

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বাসুগাঁৱৰ তিনিগৰাকীকৈ প্ৰাৰ্থী

ডিজিটেল সংবাদ, চিৰাং: সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত চিৰাং জিলাৰ বাসুগাঁও এলেকাত ইতিহাস সৃষ্টি কৰি তিনি গৰাকীকৈ প্ৰাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈছে । ইয়াৰ ভিতৰত গাণনিক বিষয়াৰ পদত ২৪১ সংখ্যক স্থানত বাসুগাঁও চহৰৰ ১ নং ওৱাৰ্ড সুভাষনগৰৰ খেতিয়ক তথা ক্ষুদ্ৰ বীজ ব্যবসায়ী বাবু বিশ্বাসৰ জেষ্ঠ্য পুত্ৰ ৰাজ বিশ্বাস, ৩৫৪ সংখ্যক স্থানত বাসুগাঁৱৰ পাখ্ৰীগুৰী গাঁৱৰ বাসিন্দা গোপী ব্ৰহ্ম আৰু শিক্ষয়িত্ৰী মাতৃ বিৰলা ব্ৰহ্মৰ একমাত্ৰ পুত্ৰ টম টম ব্ৰহ্ম আৰু বাসুগাঁও চহৰৰ মেধীপাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী বিষেশ্বৰ শ্বাহৰ পুত্ৰ তথা ভাৰতীয় নৌসেনা প্ৰাক্তন জোৱান নন্দ কিশোৰ শ্বাহ ৪০৯ সংখ্যক স্থান দখল কৰি সফলতাৰে উত্তীৰ্ণ হৈছে ।

Advertisment

তেওঁলোকৰ এই সাফল্যৰ পিছত ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনৰ পৰা এই কৃৰ্তিমান স্থাপন কৰা প্ৰতিভাৱান প্ৰাৰ্থী সকলৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । ৰসায়ন বিজ্ঞানৰ গুৰু বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ ৰাজ বিশ্বাসে ইয়াৰ পূৰ্বে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু সেইবেলি তেওঁ বিফল হৈছিল। কিন্তু দৰিদ্ৰ পৰিয়াল সন্তান ৰাজ বিশ্বাসে লক্ষ্যস্থানত উপনীত হোৱাৰ দৃঢ় সংকল্পবদ্ধ লৈ কঠোৰ অধ্যয়ন কৰি দ্বিতীয় বাৰৰ বাবে অসম লোকসেৱা আয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈ এই সাফল্য লাভ কৰিবলৈ সক্ষম হয় ।

ৰাজ বিশ্বাস আৰু নন্দ কিশোৰ শ্বাহৰ সাফল্যৰ বাবে সমগ্ৰ বাসুগাঁওবাসীৰ হৈ সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ পৰা এই দুজনাক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁৰ সফলতাই ভবিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে । ইপিনে পাখ্ৰীগুৰী গাঁৱৰ প্ৰতিভাৱান যুৱক টমটম ব্ৰহ্মক নিজৰ লক্ষ্যস্থানত উপনীত হ'বলৈ পিতৃ মাতৃয়ে খেতি মাটি বিক্ৰী কৰি পুত্ৰক দিল্লীত কোচিং কৰিবলৈ পঠিয়াইছিল। টমটম ব্ৰহ্মই চৰকাৰী চাকৰিৰত অৱস্থাত থাকিও এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । টমটম ব্ৰহ্মৰ সফলতাত পাখ্ৰীগুৰী গাঁৱৰ বাসগৃহত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছিল।

তেওঁৰ সাফল্যত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ইপিনে বাসুগাঁও চহৰৰ মেধীপাৰাৰ নন্দ কিশোৰ শ্বাহ ভাৰতীয় নৌসেনা বাহিনীৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি আহি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ আৰু প্ৰথম চেষ্টাতে তেওঁ উত্তীৰ্ণ হয় । আজি চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়ৰ নেতৃত্বত এটা সজাতি দলে বাসুগাঁও অঞ্চলৰ এই তিনিগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।

Also Read: ভাৰত জোড়ো ন্য়ায় যাত্ৰাঃ কাইলৈ গোগামুখৰ পৰা লখিমপুৰ হৈ যাত্ৰা কৰিব অৰুণাচললৈ

apsc