গনৰাজ্য দিৱস উপলক্ষে লামডিং ৰেলৱে মণ্ডলৰ দহ গৰাকী সংবাদকৰ্মীলৈ বিশেষ সন্মান

লামডিং ৰেলৱে ডিভিচনে অচিৰেই সমাধান কৰিব ৰেল পথত বন্য হাতী মৃত্যুৰ সমস্যা ৷ কেৱল উত্তৰ পূৰ্ৱ সীমান্ততেই নহয় সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম বাৰৰ বাবে লামডিং -হোজাই মাজৰ লামচাখং ত স্থাপন কৰা হ'ব চেন্সৰ ৷
গনৰাজ্য দিৱস উপলক্ষে লামডিং ৰেলৱে মণ্ডলৰ দহ গৰাকী সংবাদকৰ্মীলৈ বিশেষ সন্মান

ডিজিটেল সংবাদ, লামডিং: লামডিং ৰেলৱে ডিভিচনে অচিৰেই সমাধান কৰিব ৰেল পথত বন্য হাতী মৃত্যুৰ সমস্যা ৷ কেৱল উত্তৰ পূৰ্ৱ সীমান্ততেই নহয় সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম বাৰৰ বাবে লামডিং -হোজাই মাজৰ লামচাখং ত স্থাপন কৰা হ'ব চেন্সৰ ৷

সমগ্ৰ দেশৰ লগতে ৰেলনগৰী লামডিঙতো আজি ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ লামডিং বিবেকানন্দ খেলপথাৰত লামডিং মণ্ডলৰ ৰেলৱে প্ৰৱন্ধক জে এছ লাকৰাই পতকা উত্তোলন কৰাৰ লগতে ৰেলৱে সুৰক্ষা বাহিনীৰ গাৰ্ড অফ অনাৰো গ্ৰহন কৰে ৷

আনফালে ৰেল প্ৰবন্ধক গৰাকীয়ে জনায় যে অতি সোনকালে লামডিংৰ মণ্ডলৰ কেইবাটাও স্টেশন ওয়ার্ল্ড ক্লাস কৰাৰ পৰিকল্পনা হাতত লোৱাৰ লগতে নতুনকৈ কেইবাখনো ৰেল মুকলি কৰা হ'ব ৷ ইতিমধ্যেই ভাৰতীয় ৰেলৱে বৰ্ডে লামডিং মণ্ডলৰ উদ্যোগত চেন্সৰ সংস্থাপন কৰা হ'ব ৰেল পথত ৷

প্ৰায় ছমাহ ধৰি গৱেষনা কৰি অহা এই প্ৰকল্পত ৰেল পথত হাতী উঠাৰ সময়তে আগজাননী পাব ৰেল চালকে ৷ যাৰ ফলত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৰোধ কৰিবলৈ সক্ষম হ'ব ৷ আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে লামডিং চপা মাধ্যম আৰু চেটেলাইট চেনেলৰ দহগৰাকী সাংবাদিকক মানপত্ৰ আৰু বটাঁৰে বিশেষ সন্মান জনায়।

আৰু পঢ়ক: সমাধান হ'ব ৰে'ল পথত বন্যহস্তীৰ মৃত্যুৰ সমস্যা ! লামডিং ৰে'লৱেৰ প্ৰৱন্ধক জে এছ লাকৰাৰ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in