নগাঁৱত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ৭৫ সংখ্যক গণৰাজ্য দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ডিজিটেল সংবাদ , নগাঁওঃ সমগ্ৰ দেশৰ লগতে নগাঁৱতো ৭৫ সংখ্যক গণৰাজ্য দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰু সকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। দেশৰ স্বাধীনতা সংগ্ৰামত নগাঁও জিলাৰ অপৰিসীম অৱদান আগবঢ়োৱা তথা শ্বহীদ ভোগেশ্বৰী ফুকননী, বলো সুত, থগী সুতকে ধৰি বীৰ বীৰাংগনা সকলৰ অমৰ দেশ প্ৰেম আজিও অসম বুৰঞ্জীৰ পাতত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ আছে।

Advertisment

গণৰাজ্য দিৱস উপলক্ষে আয়ুক্ত গৰাকীয়ে প্ৰদান কৰা চমু ভাষণত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ণ মূলক আচঁনি ৰূপায়ন তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনি সমূহৰ সন্দৰ্ভতো এক চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদনো গ্ৰহণ কৰে।

Also Read: ঢকুৱাখনাত গণৰাজ্য দিৱস পালন

nagaon republic day