/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/44696177-99a0-4a80-9e8d-1f03c8fb932d/22.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দেশৰ ৭৫সংখ্যক গণৰাজ্য দিৱস ঢকুৱাখনা উপ জিলাত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয় । ঢকুৱাখনা সদৰৰ ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত কেন্দ্ৰীয় ভাবে উদযাপিত এই দিৱসৰ পতাকা উত্তোলন কৰে উপ জিলাৰ উপ জিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই । ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শুধন্য শুক্লবৈদ্যৰ উপস্থিতিত ত্ৰিৰংগ পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে উপ জিলাখনৰ সৰ্বাঙ্গীন উন্নয়ন বিকাশৰ বাবে গ্ৰহণ কৰা জনমুখী আৰু জনকল্যাণকামী আঁচনি সমূহৰ বিস্তৃত অবলোকন কৰে।
উপ জিলা প্ৰশাসনৰ সকলো সহকাৰী আয়ুক্ত , প্ৰশাসনীয় বিষয়া কৰ্মচাৰী, গৰিষ্ঠ সংখ্যক চৰকাৰী অনুষ্ঠান কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী ,শিক্ষানুষ্ঠানৰ মুৰব্বী তথা গণৰাজ্য দিৱসৰ প্ৰতি শ্ৰদ্ধাশীল অগণন নাগৰিক উপস্থিত থকা কেন্দ্ৰীয় দিৱসত অসম আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা দলৰ অভিবাদন ও চালামী গ্ৰহণ কৰে উত্তোলক প্ৰশাসনিক বিষয়া কলিতাই ।
ভিন্ন ৰঙী সাংস্কৃতিক কাৰ্যসূচীৰে উদ্ভাসিত কেন্দ্ৰীয় দিৱসৰ মূল কাৰ্যসূচীৰ মাজতে প্ৰশাসনৰ তৰফৰ পৰা ঢকুৱাখনাৰ শৈক্ষিক ,ক্ৰীড়া ক্ষেত্ৰখনলৈ স্বৰ্ণ উজ্জল গৰিমা কঢ়িয়াই অনা বহু কেইগৰাকী কৃতিমানক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ ভিতৰত সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাৰ চূড়ান্ত ফলাফল অনুসৰি অসম অসামৰিক সেৱাৰ সন্মানীয় পদত অধিষ্ঠিত হবলৈ সক্ষম হোৱা সাপতিয়াৰ মূৰ্তিয়া গাঁওৰ চহা ভুৱন গগৈ আৰু কুঞ্জলতা গগৈৰ অন্যতম সুসন্তান শোণিত গগৈ , বানতৌ গাঁওৰ ৰেখা গগৈৰ কন্যা সীমা গগৈৰ লগতে অসম সংযুক্ত সেৱাৰ পৰীক্ষাৰ বিভিন্ন বৰ্গত উত্তীৰ্ণ হোৱা ৰাজেশ পাতিৰ ,শিল্পী গগৈ ,ধীৰাজ চমুৱা , গোবিন্দ টাইড, দিম্পল চমুৱা ,মানস কোঁৱৰ,প্ৰীতিমা গগৈ ,চেতনজিত বৰগোঁহাই, প্ৰিয়ংকা চমুৱা,ৰাজশ্ৰী হাতীবৰুৱা ,মেক দনাল্ড বৰাং , কেন্দ্ৰীয় লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডেভিড ৰাজখোৱাক প্রশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰোপৰি প্ৰবীণ মুক্তি সংগ্ৰামী মুখেশ্বৰ বৰুৱা ,জ্যেষ্ঠ নাগৰিক তীৰ্থ নাথ বৰুৱা ,প্ৰফুল্ল চুতীয়া ,বাপুৰাম সোণোৱাল ,উসেশ্বৰ দলে ,ফুলেশ্বৰ গগৈ ,থানেশ্বৰ চেতিয়াকো উষ্ণ সম্বৰ্ধনা জনোৱা হয় । তাৰোপৰি ক্ৰীড়া ক্ষেত্রখনলৈ সমুজ্জল গৰিমা কঢ়িয়াই অনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক বিজেতা চিৰঞ্জীতা ভৰালী আৰু ইন্দুভূষণ হিলৈদাৰীক , শ্ৰেষ্ঠ কৃষক হিচাবে ২নং শিঙিয়া গাঁওৰ দেৱ গগৈক,শ্ৰেষ্ঠ মুগা পালক হিচাবে হাৰ্হি সাপতিয়া গাঁওৰ ৰিসেশ্বৰ গগৈক,শ্ৰেষ্ঠ মীন পালক হিচাবে বালিয়নী গাঁওৰ নিলোৎপল বৰুৱাক, শ্ৰেষ্ঠ পশুপালক হিচাবে বৰবাৰী গাঁওৰ এণ্টন পেগুক ,শ্ৰেষ্ঠ ধাত্রী হিচাবে ঘিলামৰা সামূহিক চিকিৎসা কেন্দ্ৰৰ মণিকা গগৈ , শ্ৰেষ্ঠ আশা কৰ্মী হিচাবে পিংকি দাস ,মীনা গগৈ ,অনুপ্ৰভা লাগাচুক,শ্ৰেষ্ঠ সমবায় এজেন্ট হিচাবে কেঁকুৰী বৰপতিয়া গাঁওৰ প্ৰহ্লাদ চুতীয়াক,শ্ৰেষ্ঠ অংগনৱাদী কৰ্মী হিচাবে উত্তৰ ঘাৰমৰা কেন্দ্ৰৰ মিন্টু মনি বৰুৱাক সম্বৰ্ধনা জনোৱা হয় ।
সমান্তৰাল ভাৱে গণৰাজ্য দিৱস উপলক্ষত আয়োজিত বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে মাৰ্চ পাষ্ট আৰু সাংস্কৃতিক দল সমূহৰ শ্ৰেষ্ঠ বিবেচিত দল আৰু প্ৰতিযোগী সকলক সম্বৰ্ধনা জনোৱা হয় জনাকীৰ্ণ দিৱসৰ কাৰ্যসূচীতে । তদুপৰি মহকুমাটোৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্য্যালয়,অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।
Also Read: সৰভোগত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন