জামুগুৰিত মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথক সশ্ৰদ্ধ স্মৰণ

জামুগুৰিত মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথক সশ্ৰদ্ধ স্মৰণ

author-image
Asomiya Pratidin
New Update
জামুগুৰিত মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথক সশ্ৰদ্ধ স্মৰণ

ডিজিটেল সংবাদ, বেবেজীয়া: ১৯৪২ চনৰ ২০ছেপ্টেম্বৰ দিনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এটি স্মৰণীয় দিন। আন্দোলনৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সেই দিনটোতে দেশৰ আৰক্ষী থানাসমূহত জাতীয় পতাকা উত্তোলনেৰে "থানা দখল" কাৰ্যসূচী গ্ৰহণ কৰিছিল। কাৰণ তেতিয়া আৰক্ষী থানাসমূহেই আছিল সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰৰ ক্ষমতাৰ প্ৰতীক।

Advertisment

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন আৰক্ষী থানাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কংগ্ৰেছৰ জাতীয় পতাকা উত্তোলনেৰে "থানা দখল" কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বৰ অগ্ৰণীভাগ অৰ্পণ কৰা হয় স্বেচ্ছাসেৱক দলৰ মৃত্যু বাহিনীৰ ওপৰত।

অসমৰ গহপুৰ আৰু ঢেকিয়াজুলি আৰক্ষী থানা প্ৰাংগণৰ ৰক্তাক্ত ইতিহাসে ২০ছেপ্টেম্বৰ দিনটোক কৰি তোলে অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক ৰাঙলী দিন। ঢেকিয়াজুলি আৰক্ষী থানা প্ৰাংগণত জাতীয় পতাকা উত্তোলন কৰি আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়ে মৃত্যু বাহিনীৰ প্ৰথম নায়ক মনবৰ নাথে।

১৯৪২চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০ ছেপ্টেম্বৰত আৰক্ষী থানাত ইংৰাজৰ পতাকা আঁতৰাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ সশস্ত্ৰ বৃটিছ আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথৰ ৮১ সংখ্যক স্মৃতি দিৱস বুধবাৰে ছহিদজনৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

এই উপলক্ষে আজি জামুগুৰি ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয় প্ৰাংগণত পুৱা ৮বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল বৰদলৈয়ে। তাৰপিছতে মনবৰ নাথৰ ছহিদ বেদীত স্মৃতি তৰ্পণ কৰে স্বভাৱ কবি - শাস্ত্ৰজ্ঞ নৰেন নাথে। তাৰপিছত ১০ বজাৰ পৰা ছহিদজনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল বৰদলৈৱে সভাপতিত্ব কৰা সভাত বিশিষ্ট অনাতাঁৰ শিল্পী গম্ভীৰ নাথে কয় যে, নিজৰ প্ৰাণকো হেয় জ্ঞান কৰি ছহিদ মনবৰ নাথে বৃটিছৰ গুলি বুকু পাতি মৃত্যুক আঁকোৱালি লৈছিল। মনবৰ নাথৰ দৰে স্বাধীনতা আন্দোলনৰ ছহিদসকলৰ ত্যাগ আৰু আদৰ্শক মূল্যায়ণ কৰি নতুন প্ৰজন্মই ছহিদৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব।

বিদ্যালয়ৰ শিক্ষক ৰিজুমণি বৰাই আঁত ধৰা সভাখনত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক -কবি অনিল নাথ, বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক হাজৰিকা, সাংবাদিক প্ৰাঞ্জল বৰদলৈকে ধৰি কেইবাজনো বক্তাই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ লগতে ছহিদ মনবৰ নাথৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে।

স্মৃতিচাৰণ সভাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে প্ৰবীণ শিল্পী গম্ভীৰ নাথে মনবৰ নাথৰ ওপৰত ৰচনা কৰা সমবেত সঙ্গীত পৰিৱেশন কৰে। স্মৃতিচাৰন সভাৰ পিছতে সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন, কবিতা আবৃত্তি, গীত পৰিৱেশন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে ছহিদ দিৱসৰ অনুষ্ঠানৰ সামৰণি পৰে। ইফালে জামুগুৰিৰে ছহিদ মনবৰ নাথ স্মৃতি পুথিভঁৰাল প্ৰাংগণতো ছহিদ মনবৰ নাথ দিৱস উদযাপন কৰা হয় ।

Also Read: চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ অসমৰ অভিজিৎ বৰুৱা

nagaon