/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4615db66-f31b-4e03-bd77-5b60455931c8/nam_p.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ গোমোঠা গাঁও আঞ্চলিক অখণ্ড নাম মহোৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত শনিবাৰৰ পৰা গোমোঠা গাঁৱৰ বিষ্ণু মন্দিৰ প্ৰাংগণত আৰম্ভ হোৱা নাম মহোৎসৱৰ দেওবাৰে সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৪৫ তম আঞ্চলিক অখণ্ড নাম মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰা হয় । এই ধৰ্ম ধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী ডোখোৰামুখ সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰঞ্জিত কুমাৰ গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d7219e0e-4df1-4ef5-acb8-395efdb12b0d/30535778_014c_4e85_8044_d8373728066a.jpg)
ইয়াৰ পিছতে ভাগৱত ভ্ৰমণ, দুপৰীয়া নাম প্ৰসংগ আৰু বিয়লি ৪ বজাৰ পৰা অখণ্ড নাম আৰম্ভ হয় । এই অখণ্ড নাম মহোৎসৱত গোমোঠা গাঁৱৰ শংকৰ মাধৱ নামৰ দল, ননৈৰ প্ৰগতি শিল্পী সংঘ নামৰ দল, বঢ়মপুৰৰ হৰি ভকতি নামৰ দল, গোমোঠা গাঁৱৰ মিলিজুলি নামতি দল, বঢ়মপুৰৰ ভক্তি ৰত্নাৱলী দিহানামৰ দলে অবিৰত হৰিনাম পৰিৱেশন কৰি অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। আজি বিয়লি অখণ্ড নাম মহোৎসৱৰ সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/17a2e1c8-3084-485b-bb83-847fa310b144/da1bb451_cace_4f47_931b_9c88a7a58f61.jpg)
Also Read: অবৈধ প্ৰেমৰ বাবেই আঢ়ৈ বছৰীয়া পুত্ৰসন্তানক হত্যা মাতৃৰ...