/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/03d18900-5dc1-4c3f-b6d3-3c55d34d2937/Surat.jpg)
ডিজিটেল ডেস্ক : দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইটোৰ পিছত সিটো ভয়ানক হত্যাকাণ্ডৰ পাছত আন এটা ঘটনাই জোকাৰিছে দেশ। এইবাৰ ঘটনাৰ স্থান গুজৰাটৰ চুৰাট দিনদোলী অঞ্চলৰ। জিলাখনৰ এগৰাকী মহিলাই তেওঁৰ আঢ়ৈ বছৰীয়া সন্তানক হত্যা কৰি কঁপাইছে সমগ্ৰ অঞ্চল।
আশ্চৰ্যকৰ কথাটো হ'ল যে, নিজ সন্তানক হত্যা কৰি নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল মহিলাগৰাকীয়ে। গোচৰ পঞ্জীয়ন কৰাৰ পিছত মহিলাগৰাকীয়ে একেৰাহে তিনিদিন ধৰি নিৰুদ্দেশ সন্তানৰ সন্ধানত আৰক্ষীক সহযোগ কৰিছিল।
আৰক্ষীয়ে বিষয়টো অনুসন্ধান কৰাত মহিলাগৰাকীৰ ওপৰত সন্দেহ ওপজে। পৰৱৰ্তী সময়ত তদন্ত কৰি দোষী সাব্যস্ত হোৱাত গ্ৰেপ্তাৰ কৰা হয় মহিলাগৰাকীক।
অভিযুক্ত মহিলাগৰাকী চুৰাটৰ দিনদোলী অঞ্চলৰ এটা নিৰ্মাণ কাৰখানাৰ শ্ৰমিক নয়না মান্দাৱী। অবৈধ প্ৰেমৰ বাবেই নিজৰ আঢ়ৈ বছৰীয়া সন্তানক হত্যা কৰে মহিলাগৰাকীয়ে। উল্লেখ্য মহিলাগৰাকীয়ে কাম কৰা নিৰ্মাণ ক্ষেত্ৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি শিশুটোক চৌহদৰ পৰা ওলাই যোৱা দেখা নাছিল আৰক্ষীয়ে। ইয়াৰ আধাৰিতেই তদন্ত কৰি মহিলাগৰাকীৰ কু-কৰ্মক ধৰা পেলায়।
Also Read: কমাৰকুছি-গঙ্গাপুখুৰীপাৰত পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us