লংকা প্ৰেছ ক্লাৱৰ উদ্যোগত আবৃত্তি আৰু বক্তৃতা কৰ্মশালাৰ আয়োজন

লংকা প্ৰেছ ক্লাৱৰ উদ্যোগত আবৃত্তি আৰু বক্তৃতা কৰ্মশালাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
লংকা প্ৰেছ ক্লাৱৰ উদ্যোগত আবৃত্তি আৰু বক্তৃতা কৰ্মশালাৰ আয়োজন

ডিজিটেল সংহবাদ,লংকা : হোজাই জিলাৰ অন্তৰ্গত লংকা প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১২ জুলাই পৰা ২১ জুলাইলৈকে এখনি আবৃত্তি আৰু বক্তৃতা কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব এঞ্জেলা চাংমাই, পুৰৱী শইকীয়া, মুকুতা বৰা, অচ্যুত ঠাকুৰীয়া, কৃষ্ণ কিংকৰ খাটনিয়া, কিৰণ কলিতা আৰু‌ কস্তৰীমা দাস।

Advertisment

কৰ্মশালাত অংশগ্ৰহণ কৰিব আগ্ৰহীসকলক ১১ জুলাইৰ ভিতৰত প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিবলৈ লংকা প্ৰেছ ক্লাবৰ তৰফৰ পৰা আহ্বান জনাইছে। ইয়াৰোপৰি কৰ্মশালাখনিৰ বিষয়ে অধিক তথ্যৰ বাবে ৯৮৫৪০৫১৭৭৯ আৰু ৯৩৬৫১৬৯২৫৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।

Also Read: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : এইকেইখন ৰাজ্যত আহিব মূষলধাৰ বৰষুণ...

Lanka Press Club hojai