বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : এইকেইখন ৰাজ্যত আহিব মূষলধাৰ বৰষুণ...

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : এইকেইখন ৰাজ্যত আহিব মূষলধাৰ বৰষুণ...

author-image
Asomiya Pratidin
New Update
মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

ডিজিটেল ডেস্ক :  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজহুৱা কৰিছে আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই এক্স হেণ্ডেলযোগে জনাইছে যে অহা ৮ আৰু ৯জুলাইত অসমত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। 

Advertisment

অসম আৰু মেঘালায়ত উল্লেখিত দুয়োটা দিনত ৬৪.৫ৰ পৰা ১১৫.৫ মিলি মিটাৰ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি ৮জুলাইৰ দিনটোত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ তথা অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে।এই কেইখন ৰাজ্যত অসমৰ তুলনাত বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যতে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। একেদৰে অৰুণাচল প্ৰদেশত ৮ৰ পৰা ১০ জুলাইলৈকে মূষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। অৰুণাচলত বৰষুণৰ পৰিমাণ হ’ব পাৰে ১১৫ৰ পৰা ২০৪ মিলি মিটাৰ।

উল্লেখযোগ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি পশ্চিম উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পূব উত্তৰপ্ৰদেশ আদি অঞ্চলতো ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা সম্পৰ্কে আগলি বতৰা প্ৰকাশ কৰিছে। এই আটাইকেইখন ৰাজ্যতে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

Also Read: সপোনত হাতী, জীৱনলৈ আহিব সুখ-শান্তি

Meteorological Centre's forecast Heavy Rainfall