প্ৰবীণ শিল্পী ৰাজু শ‌ইকীয়ালৈ "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"...

প্ৰবীণ শিল্পী ৰাজু শ‌ইকীয়ালৈ "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"...

author-image
Asomiya Pratidin
New Update
প্ৰবীণ শিল্পী ৰাজু শ‌ইকীয়ালৈ  "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"...

প্ৰবীণ শিল্পী ৰাজু শ‌ইকীয়ালৈ "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"...

ডিজিটেল সংবাদ চামগুৰিঃ ৰাষ্ট্ৰীয় সন্মান লাভেৰে উজলিল নগাঁও জিলাৰ এগৰাকী প্ৰবীণ শিল্পী। সুদীৰ্ঘ ৩০টা বছৰে লোক সংস্কৃতিৰ সাধনা কৰা পুৰণিগুদাম জলাহগাৱঁৰ শিল্পী ৰাজু শ‌ইকীয়ালৈ অৱশেষত আহিল ভাল খবৰ।

৩০টা বছৰে প্ৰচাৰবিমুখভাৱে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ৰামাঞ্চলত নৱপ্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ জ্ঞান বিলাই ফুৰা ওজা ৰাজু শ‌ইকীয়াক উৰিষ্যাৰ ত্ৰিবেণী কলা কেন্দ্ৰ‌ই প্ৰদান কৰিলে "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"। মধ্য অসমৰ বিভিন্ন ঠাইৰ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ মাজত ঢোল, খোল, নেগেৰা, পেঁপা, বিহুনৃত্য, ৰাসনৃত্য আদি প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে লোক সংস্কৃতিৰ জ্ঞান বিলাই অহা এইগৰাকী শিল্পীক ত্ৰিবেণী কলা কেন্দ্ৰ‌ই আয়োজন কৰা ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত লোক সংস্কৃতিৰ গুৰু হিচাপে প্ৰদান কৰিলে এই সন্মান।

এই সন্মানত শিল্পী গৰাকীলৈ ত্ৰিবেণী কলা কেন্দ্ৰ‌ই এখন গামোছা, চেলেং, এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ আগবঢ়ায়। যাক লৈ এতিয়া শিল্পী গৰাকীৰ লগতে উৎফুল্লিত হৈ পৰিছে সমূহ অঞ্চলবাসী।

Also Read: গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনাত ২ জন নিহত...

পুৰণিগুদাম চামগুৰি