দক্ষিণ কামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

দক্ষিণ কামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
দক্ষিণ কামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, কামপুৰঃ এতিয়া শৰৎ কালৰ বতৰ। সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰীশ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰৰ বিভিন্ন অঞ্চলত ৰাস উদযাপনৰ ব্যাপক প্ৰস্ততি চলিছে।কামপুৰৰ দক্ষিন কামপুৰ উন্নয়ন সমিতিয়েও ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে।

Advertisment

এই উপলক্ষে ৰাস উংসৱ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ইং ২৭, ২৮ আৰু ২৯ নবেম্বৰত তিনিদিনীয়া কাৰ্য্যসুচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ। ৰাস মহোৎসৱলৈ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া অঞ্চলটোৰ জীয়াৰী-বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।

অঞ্চলটোৰ প্ৰায় শতাধিক যুৱতী, বোৱাৰী আৰু কন-কন শিশুসকলে অংশগ্ৰহণ কৰে এই কৃষ্ণ ৰাসৰ আখৰাত। ৰাস উৎসৱত প্ৰদৰ্শন হ'ব লগা এই ৰাস মহোৎসৱৰ ৩দিনীয়া কাৰ্য্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সু দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে।

Also Read: পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

raas festival