পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

author-image
Asomiya Pratidin
New Update
পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ডিজিটেল ডেস্কঃ সোমবাৰে চামগুৰিত এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। সোমবাৰে চামগুৰি আৰক্ষীয়ে কৰা এক অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় ড্রাগছ মাফিয়া হেকমত আলী।

Advertisment

জানিব পৰামতে, সোমবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হেকমত আলীক। তাৰ পাছতেই নিশা লুকুৱাই ৰখা ড্রাগছৰ সন্ধান দিবলৈ আৰক্ষীক লৈ গৈছিল ড্রাগছ মাফিয়া হেকমত আলীয়ে। সেই সময়তে আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰিছিল হেকমত আলীয়ে। আৰু পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ এনকাউন্টাৰত আহত হয় হেকমত আলী।

আৰক্ষীৰ গুলীচালনাৰ ফলত ভৰিত গুলীবিদ্ধ হয় ড্রাগছ মাফিয়া হেকমত আলী। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ড্ৰাগছ মাফিয়াজন। উল্লেখ্য যে, চামগুৰিকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ ড্ৰাগছ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড আছিল হেকমত আলী।

Also Read: ঢকুৱাখনা ব্লক কংগ্ৰেছত সভাপতি-সম্পাদকৰ দৌৰাত্ম্য : ধনৰ বিনিময়ত পদবী বিক্ৰীৰ অভিযোগ

drugs peddler drugs seized