প্ৰকৃতিপ্ৰেমী যুৱকে দুস্প্ৰাপ্য বৰকাছ মেলি দিলে আকাশী গংগাত

প্ৰকৃতিপ্ৰেমী যুৱকে দুস্প্ৰাপ্য বৰকাছ মেলি দিলে আকাশী গংগাত
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত সম্পদ হৈছে আকাশী গংগা জলধাৰা। কিংবদন্তি মতে, গুৰুজনে নিজে আকাশৰ পৰা গংগা আৱাহন কৰি সৃষ্টি কৰিছিল এই পবিত্ৰ আকাশী গংগা। এই আকাশী গংগা জলধাৰাত বিগত কেইটামান বৰ্ষৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে শ শ ভিন্ন প্ৰজাতিৰ কাছ মেলি দিয়াত, বৰ্তমান দুস্প্ৰাপ্য কাছ সংৰক্ষণৰ থলীলৈ ৰূপান্তৰিত হৈছে।

নিতুল শইকীয়া নামৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে গুপ্তেশ্বৰ দেৱালয় (শিঙৰী মন্দিৰ)ত সেৱা দিবলৈ গৈ আদবাটত তথা ব্ৰহ্মপুত্ৰৰ মাজত পোৱা এটি দুস্প্ৰাপ্য বৰকাছ বটদ্ৰৱাৰ আকাশী গংগাত মেলি দিয়ে। মঙলবাৰে পুৱা বটদ্ৰৱা থানৰ ভকত প্ৰদীপ গোস্বামী, ভোমোৰাগুৰিৰ যুৱক ৰামানন্দ ৰাজখোৱা কে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত পবিত্ৰ আকাশী গংগাৰ পাৰত এগছি বন্তি জ্বলাই নিতুল শইকীয়াই এই বৰকাছটি মেলি দিয়ে।

বৰকাছটো মেলি দি শইকীয়াই কয়, "যোৱা ১০ ছেপ্তেম্বৰত মেশ্বিন নাৱেৰে ঢেকীয়াজুলিৰ শিঙৰী মন্দিৰলৈ গৈ থকা অবস্থাত এজন মাছুৱৈ জালত বন্দী অৱস্থাত এই কাছটি প্ৰত্যক্ষ কৰো। লগে লগে মাছুৱৈ জনৰ পৰা কাছটি উদ্ধাৰ কৰি মনতে সংকল্প লওঁ যে বটদ্ৰৱাৰ আকাশী গংগাত ইয়াক সংৰক্ষণ কৰিম। সেই সংকল্পৰে আজি ঈশ্বৰৰ ওচৰত সেৱা আগবঢ়াই কাছটি মেলি দি, মনত প্ৰশান্তি লাভ কৰো।"

যি সময়ত এচাম লোকে প্ৰকৃতি আৰু জীৱ কূলৰ প্ৰতি ধ্বংস মাতি আনিছে সেই সময়তে একাংশই প্ৰকৃতিৰ দুস্পাপ্য তথা বিৰল প্ৰজাতিৰ জীৱ জন্তুসমূহ নিৰাপদ স্থানত সংৰক্ষণৰ প্ৰয়াস চলাই আহিছে। ভোমোৰাগুৰিৰ যুৱক নিতুল শইকীয়াৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

প্ৰকৃতিপ্ৰেমী যুৱকে দুস্প্ৰাপ্য বৰকাছ মেলি দিলে আকাশী গংগাত
নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্ধানহীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in