নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্ধানহীন

নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্ধানহীন

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্ধানহীন

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল খুঁটিকটীয়াৰ টংকেশ্বৰ শইকীয়া নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিক বিগত ৬ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। ৭০ বছৰীয়া লোকজন নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ পৰা নিৰুদ্দেশ হয়।

এই সন্দৰ্ভত পৰিয়ালে নগাঁও সদৰ আৰক্ষী নিবেশৰ অন্তৰ্গত স্থানীয় হয়বৰগাঁও টাউন আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই। এসপ্তাহ ধৰি নিখোজ হৈ থকা ৫ ফুট ৬ ইঞ্চি উচ্চতাৰ লোকজনৰ কোনো লোকে কিবা সম্ভেদ লাভ কৰিলে নিকটতম আৰক্ষী থানা বা ৭০৮৬৫৬৩৭২১ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

assampolice