প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰাৰ তৎপৰতাত দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগল উদ্ধাৰ

প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰাৰ তৎপৰতাত দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগল উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰাৰ তৎপৰতাত দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগল উদ্ধাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত একাংশ দুষ্টচক্ৰই বন্য পশু, পক্ষী হত্যা কৰি ভক্ষণ তথা ইয়াৰ মাংস, ছাল, দাতঁ, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাটৰ প্ৰকৃতিপ্ৰেমী যুৱক ভাস্কৰ বৰাৰ তৎপৰতাত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী মৃত্যু মুখৰ পৰা ৰক্ষা পৰে। মংগলবাৰে ৰীমেলৰ প্ৰভাৱত অহা ধুমুহাত ৰাইডঙীয়া শ্যামকলীয়া গাঁৱৰ নিপু হাজৰিকা নামৰ এজন লোকৰ চৌহদত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগল চৰাই আঘাতপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁ চৰাইটো উদ্ধাৰ কৰিবলৈ অঞ্চলৰ সৰ্প বন্ধু বুলি খ্যাত ভাস্কৰ বৰাৰ লগত পৰিয়ালটোৰ লোকে যোগাযোগ কৰাত ভাস্কৰ বৰা উপস্থিত হৈ চৰাইটো উদ্ধাৰ কৰি বন বিভাগক অৱগত কৰে। বুধবাৰে নগাঁও বন বিভাগৰ জৰিয়তে চৰাইটি চিকিৎসাৰ বাবে কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ(Centre for Wildlife Rehabilitation And Conservation) লৈ প্ৰেৰণ কৰা হয়। প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰাৰ এই প্ৰকৃতিপ্ৰেমৰ বাবে সকলোৱে শলাগ লৈছে।

Also Read: খাদ্যত ৰাখক ওলকচু-কোমোৰা
শৰীৰে দিব সুস্বাস্থ্যৰ বতৰা!

eagle batdraba