/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/95203b8b-e9b6-4e24-a0b6-77d453401840/AP_PROTIBEDON_LOKSABHA_ELECTION_2024.jpg)
কাঁহীত মাছ-মাংসৰ সলনি শাক-পাচলি দেখিলেই আমাৰ খং উঠে। পাচলিৰ উপকাৰিতাৰ বিষয়ে নজনাৰ ফলত এনে হোৱাটো স্বাভাৱিক। শিশুৰ পৰা ডাঙৰলৈ সকলোৰে থাকে প্ৰিয় খাদ্যৰ তালিকা। কিন্তু এই তালিকাত আছে নে আমাৰ শৰীৰটোৱে বিচৰা উপযুক্ত উপাদানসমূহ ? এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
"চালত কোমোৰা লাও জিকা ভোল,
ভঁৰালত জহাধান,
গোহালিত গৰু পুখুৰীত মাছ,
বাৰীত তামোল পাণ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1c043cff-8008-4029-9484-aee685ed61e1/winter.jpg)
অসমীয়া সমাজৰ খাদ্যৰ তালিকাত কোমোৰাৰ যথেষ্ট আদৰ আছে ৷ উৰুকাৰ নিশা হাঁহ আৰু কোমোৰা সেই বিশেষ ব্যঞ্জন মনলৈ আহিলে জিভাৰ পানী পৰে। ইয়াৰোপৰি দালি,খাৰ আৰু অন্যান্য পাচলিৰ লগত কোমোৰাৰ ভাজি অসমীয়াৰ প্ৰিয়। এইবোৰৰ পৰা অসমীয়া সমাজত কোমোৰাৰ চাহিদা সম্পৰ্কে বুজিব পাৰি।
কোমোৰাত থকা ফছফৰাছ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ মানৱ দেহৰ প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, লো, ৰিবাফ্লেভিন আদি কোমোৰাত পোৱা যায়৷ ইয়াৰোপৰি কোমোৰাত ভিটামিন B3, এণ্টি-মাইক্ৰ’বিয়েল গুণাগুণ পোৱা যায়। ১০০ গ্ৰাম কোমোৰাত পোৱা উপাদানসমূহ এনে ধৰণৰ-
জ্বৰ উঠিলে কোমোৰা খোৱাৰ লগতে কোমোৰাৰ ৰস মূৰত দিলে ইয়াৰ পৰা উপশম পাব পাৰি ৷ কোমোৰাই স্মৃতিশক্তি বৃদ্ধি কৰে লগতে ই স্নায়ুৰ দুৰ্বলতা নিৰাময় কৰে৷ কোমোৰা বহুমূত্ৰ ৰোগীৰ বাবেও এবিধ উপযুক্ত খাদ্য ৷
কোমোৰাৰ গুটিয়ে কৃমি নাশ কৰে ৷ কোমোৰা খালে ৰক্তপিণ্ড ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ কোমোৰাই বিষ, পক্ষাঘাত, কাঁহ, পানীলগা আৰু অন্য শ্বাস-প্ৰশ্বাসজনিত ৰোগ উপশম কৰিব পাৰে৷ তদুপৰি ই বৃক্কৰ পাথৰ নিয়ন্ত্ৰণ কৰে ৷ কেঁচুমূৰীয়া ৰোগীয়ে কোমোৰা খালে সুফল পায় ৷
কোমোৰাই প্ৰস্ৰাৱ পৰিষ্কাৰ কৰে৷ যৌনশক্তি বৃদ্ধিত কোমোৰাই সহায় কৰে৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে কোমোৰাই এবিধ মহৌষধৰ দৰে কাম কৰে৷ ইয়াৰ উপৰি কোষ্ঠকাঠিন্য, শৰীৰৰ ওজন হ্ৰাস, হজম শক্তি বৃদ্ধি আদিতো কোমোৰাই সহায় কৰে৷ মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে। নিদ্ৰাহীনতা দূৰীকৰণৰ বাবেও কোমোৰা উত্তম খাদ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2a4b026f-499c-4ae3-a6f3-8833bb5fc8f7/eisamay-87862814.jpg)
কোমোৰাৰ সমান্তৰালকৈ অসমীয়াৰ অন্য এবিধ বিশেষ খাদ্য হৈছে ওলকচু। ই শ্ৰীলংকা, ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু অন্যান্য দক্ষিণ-পূব এছিয়াৰ দেশবোৰত পোৱা যায়। ওলকচুৰ ব্যৱহাৰে শৰীৰত বেয়া কলেষ্টেৰল হ্ৰাস কৰাত যথেষ্ট প্ৰভাৱ পেলায়। ওলকচুক স্লিমিং খাদ্য (Slimming food) হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত থকা অমেগা-3-ফেটি এচিডে শৰীৰত ভাল কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে, আনহাতে নিম্ন-ঘনত্বৰ lipoprotein আৰু অতি কম ঘনত্বৰ lipoprotein স্তৰ হ্ৰাস কৰে। ওলকচুত আঁহ থাকে। ১০০ গ্ৰাম ওলকচুত থকা উপাদান সমূহ এনেধৰণৰ-
ওলকচুৱে কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। হৃদযন্ত্ৰৰ বাবে এই পাচলি অতিকৈ উপকাৰী। এণ্টিকোৱাগুলেণ্ট হিচাপে ওলকচুৱে হৃদযন্ত্ৰক বিপদৰ পৰা ৰক্ষা কৰে। ই ধমনী আৰু শিৰাত সৃষ্টি হোৱা গোটবোৰ ৰক্ষা কৰাত সহায় কৰে। ফলত উচ্চ ৰক্তচাপটো ই সহায়ক হ’ব পাৰে। কৰোনেৰী ধমনী ৰোগৰ দৰে সমস্যাৰ পৰা ওলকচুই বচাই ৰাখে।
ওলকচু আঁহেৰে ভৰপূৰ সেয়েহে ই মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধত যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও, এই পাচলিত ভিটামিন A থাকে। এই ভিটামিন হাঁওফাঁও আৰু মুখৰ গহ্বৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত লাভজনক।
ওলকচুত থকা শক্তিশালী এণ্টিঅক্সিডেণ্টে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰে। ওলকচুৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল ভিটামিন-C যিয়ে ছাল বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰাত সহায় কৰে। ই ছালক দাগমুক্ত কৰে।
ওলকচুৰ গ্লাইচেমিক সূচক কম সেয়েহে ডায়েবেটিচ থকা লোকসকলে ৰক্ত-শৰ্কৰা বৃদ্ধিৰ কোনো ভয় নোহোৱাকৈ ইয়াক খাব পাৰে।
আমি সকলোৱে সুস্বাস্থ্য বিচাৰো কিন্তু বিচাৰিলে জানো সু-স্বাস্থ্য লাভ কৰিব পাৰি! ইয়াৰ বাবে লাগিব পুষ্টিকৰ আহাৰ। এই প্ৰতিবেদনৰ দ্বাৰা শৰীৰক পুষ্টি প্ৰদান কৰা দুই পাচলি সন্দৰ্ভত তথ্য দিয়া হ'ল।