বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত "ৰঙালী বিহু" উদযাপন...

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় "ৰঙালী বিহু" অনুষ্ঠান ।
বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত "ৰঙালী বিহু" উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় "ৰঙালী বিহু" অনুষ্ঠান ।

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত কাৰ্যসূচীৰ পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই ।

১০ বজাত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থানৰ নামাচাৰ্য ডম্বৰুধৰ নাম গোৱাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি বিভিন্ন কাৰ্য্যসূচীৰ পাছত ১১ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক অসীম বৰাই ।

১ বজাত চিত্ৰাংকন, পিঠা পনা প্ৰতিযোগিতাত, বিভিন্ন পৰম্পৰাগত খেল ধেমালীৰ অন্তত বিয়লি ৩ বজাত ডিজিটেল কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱাই ।

৫ বজাত আৰম্ভ হয় উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জোনমণি ভূঞা আৰু সম্পাদক সুনীল বৰুৱাই আঁত ধৰা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা উদ্ধোধন কৰে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই ।

আৰু নিশা ১১ বজালৈ অনুষ্ঠিত বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ কাৰ্যসূচীত বটদ্ৰৱা অঞ্চলৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত "ৰঙালী বিহু" উদযাপন...
বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ 'ৰঙালী'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in