নমাটি গাঁও ২ নং নামঘৰত "ৰামবিজয়" অংকীয়া ভাওনা মঞ্চস্থ...

নমাটি গাঁও ২ নং নামঘৰত "ৰামবিজয়" অংকীয়া ভাওনা মঞ্চস্থ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ হাতীচোঙৰ সমীপৱৰ্তী নমাটি গাঁও ২ নং নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত গুৰুআসন প্ৰতিষ্ঠা উৎসৱৰ লগত সংগতি ৰাখি যোৱা ৪মে'ৰ নিশা গুৰুজনাৰ অনবদ্য অৱদান "ৰামবিজয়" শীৰ্ষক অংকীয়া ভাওনা মঞ্চস্থ কৰা হয়।

নাট্য কাহিনীৰ মতে শ্ৰীৰামচন্দ্ৰক লক্ষ্মণ সহিতে প্ৰৱেশ কৰোৱা পৰা আৰম্ভ কৰি, ৰজাৰ অনুমতি লৈ ৰাম-লক্ষ্মণ কৌশিকৰ আশ্ৰমলৈ যাত্ৰা, মিথিলাত জনক ৰজাই ঋষি সমন্বিতে দুয়োকে আদৰণি, বিশ্ৰামিত্ৰই ৰামক আদেশ কৰাত ৰামে যি ব্ৰজ কঠিন ধনু ভংগ, ৰামৰ শিৰত সীতাই বৰমাল্য অৰ্পণ, বিবাহৰ অন্তত ৰাম-লক্ষ্মণ সীতাক লৈ অযোধ্যালৈ যাত্ৰা। শ্ৰীৰামৰ ধনুঅৰ টংকাৰত পৰশুৰামৰ হৃদয় ভেদ। এই সুন্দৰ কাহিনী বিন্যাসৰ মাজেৰে পৰিৱেশিত ভাওনা খনি উপভোগ কৰে পাঁচ শতাধিক দৰ্শকে।

নিশা নামঘৰত অনুষ্ঠিত ভাওনাৰ পূৰ্ব ৰংগ পৰিচালনা কৰে নৰেন বৰা গায়ন আৰু ৰাজুমনি ডেকাই। পাছত অশোক ৰাজবংশীৰ পৰিচালনাৰে আয়ুষ ডেকা, ৰক্তিম বৰুৱা, প্ৰাঞ্জল ডেকা, দিগন্ত ভূঞা, কৃষ্ণ ডেকা, ধীৰাজ ডেকা, কৃষ্টি কণ্যা বৰাকে আদি কৰি কুৰি গৰাকী কুশীলৱৰ অভিনয়েৰে মাজ নিশালৈ অনুষ্ঠিত হয় এই ৰামবিজয় নাটক খনি। ইফালে কালি দুপৰীয়া নামপ্ৰসংগৰ মাজেৰে আসন প্ৰতিষ্ঠা কৰে ভকত সুৰেন বৰদলৈয়ে।

নমাটি গাঁও ২ নং নামঘৰত "ৰামবিজয়" অংকীয়া ভাওনা মঞ্চস্থ...
ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল জিঅ' বেগৰ স্পাৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in