ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল জিঅ' বেগৰ স্পাৰ!

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল জিঅ' বেগৰ স্পাৰ!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অচিৰেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব চিচি টেকেলিফুটা মথাউৰি। ব্ৰহ্মপুত্ৰই অতি কালৰূপ ধৰি অব্যাহত ৰখা গৰাখহনীয়াই এই আশংকা নিশ্চিত কৰিছে। ব্ৰহ্মপুত্ৰৰ ক্ৰমবৰ্ধিত জলধাৰাই শিহৰণকাৰী মূৰ্তি ধাৰণ কৰি বিগত দিনসমূহৰ দৰে দেওবাৰেও বান্দেনাৰ ৬ নং স্পাৰত প্ৰচণ্ড খহনীয়া অব্যাহত ৰাখিছে।

দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰৰ সোঁতে ঢকুৱাখনা জলসম্পদ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ সুযোগ লৈ প্ৰায় ৩০ টা জিঅ' বেগ সহ মাটিৰ স্পাৰৰ বৃহৎ অংশ উটুৱাই নিয়ে । জলসম্পদ বিভাগৰ কোনো প্ৰতিৰোধ আঁচনিযে সামৰি নোলোৱা এই স্পাৰটোৰ প্ৰায় ৩০ মিটাৰ অংশৰ লগতে ইটোৰ পাছত সিটো জিঅ' বেগ চকুৰ নিমিষতে খহাই নি সন্ত্ৰাস সৃষ্টি কৰে।

ঢকুৱাখনা জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ লগতে শাখা বিষয়া চিত্ৰ পেগুৰ সোপাধিলা স্থিতিৰ বাবে সমগ্ৰ স্পাৰতোলৈ নামি অহা ভয়াবহ সংকটত আতংকিত নৈপৰিয়া। স্থানীয় নৈপৰিয়াই জনোৱা মতে দিনে নিশাই নিৰবিছিন্ন হাৰত ব্ৰহ্মপুত্ৰই চলাই অহা গৰাখহনীয়াৰ প্ৰচণ্ড শব্দত আতংকিত পৰিৱেশৰ সৃষ্টি হৈছে বান্দেনাত। জলসম্পদ বিভাগৰ কোনো প্ৰতিৰোধ আঁচনি ৰূপায়িত নোহোৱাৰ বাবেই স্পাৰটোৰ সন্মুখ অংশ জাহ যোৱাৰ উপৰিও অনাগত সময়ত সমগ্ৰ স্পাৰটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশঙ্কা কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ এনে বিধ্বংসী, কালৰূপৰ পাছতো জলসম্পদ বিভাগৰ কোনো তৎপৰতা দেখা নগ'ল খহনীয়াগ্ৰস্ত অংশত। ব্ৰহ্মপুত্ৰৰ বুকুত কোটি টকীয়া স্পাৰটো উচন যাবলৈ দায়িত্বহীনভাৱে এৰি দিয়া জলসম্পদ বিভাগৰ এনে অবিবেচকী ভূমিকাই অনাগত সময়ত ঢকুৱাখনা, মাজুলীলৈ প্ৰবল বিপদৰ আগজাননী দিয়া বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহাইয়ে।

দেওবাৰে খহনীয়াগ্ৰস্ত বান্দেনা অংশত উপস্থিত হৈ কৃষক মুক্তিৰ সভাপতিগৰাকীয়ে ঢকুৱাখনা মাজুলীবাসীৰ জীৱন সম্পত্তিকলৈ নির্লজ হেতালি খেলি অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিধায়ক নৱ দলেক সকীয়নী দি তাৎক্ষণিকভাৱে এই খহনীয়া প্ৰতিৰোধ কৰাৰ দাবী জনায়।

বানমুক্ত আৰু খহনীয়ামুক্ত ঢকুৱাখনাৰ প্ৰতিশ্ৰুতি দিয়া বিধায়ক নৱ দলে, মন্ত্ৰী পীযুষ হাজৰীকাৰ এনে মিথ্যাচাৰী চৰিত্ৰৰ বিৰুদ্ধে শীঘ্ৰেই ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অজিত পেগু , মহকুমা সমিতিৰ সম্পাদক প্ৰহ্লাদ গগৈ, যুৱ বাহিনী লখিমপুৰ জিলা সমিতিৰ সম্পাদক দিলীপ দাস আৰু কেইবাখনো আঞ্চলিক সমিতি প্ৰতিনিধিযে দেওবাৰে খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি এই সকিয়নী দিয়ে।

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল জিঅ' বেগৰ স্পাৰ!
বতৰৰ বিধি পথালিঃ মানকাচৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে মুখ্যমন্ত্ৰী-গৌৰৱ গগৈয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in