NEETত উজ্বলিল ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়...

NEETত উজ্বলিল ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়...

author-image
Asomiya Pratidin
New Update
NEETত উজ্বলিল ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়...

ডিজিটেল সংবাদ, নগাঁওঃ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাসমূহত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ জয়যাত্ৰা অব্যাহত আছে। এই ধাৰা অটুত ৰাখি সদ্য ঘোষিত NEET 2024 পৰীক্ষাত অনুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ সফলতাই নগাঁৱৰ জনসমাজৰ লগতে অনুষ্ঠানটিৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাকে প্ৰমূখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে আনন্দ প্ৰকাশ কৰিছে ।

Advertisment

একমাত্ৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শিক্ষাকেই মূলধন হিচাপে লৈ সফলতা অৰ্জন কৰা সেই ছাত্ৰ-ছাত্ৰীসকলে সুস্থ সমাজ গঢ়াত মনোনিৱেশ কৰিব বুলি তেওঁলোক আশাবাদী। ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ ত্যাগ আৰু শিক্ষাৰ্থী সকলৰ অধ্যৱসায় নতুন প্ৰজন্মৰ আদৰ্শ হৈ ৰৈছে । বিদ্যালয়খনৰ সৰ্বমুঠ ৫৬গৰাকী শিক্ষাৰ্থীয়ে সদ্য ঘোষিত ২০২৪বৰ্ষৰ নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। বিদ্যালয়খনৰ পৰা ৬৮৫ সৰ্বোচ্চ নম্বৰ লাভ কৰে সৌমদ্বীপ ঘোষই ।

Also Read: চিদলী-চিৰাং বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয়লাভ...

Ramanujan Higher Secondary School neet exam