Advertisment

চিদলী-চিৰাং বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয়লাভ...

চিদলী-চিৰাং বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয়লাভ...

author-image
Asomiya Pratidin
New Update
চিদলী-চিৰাং বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয়লাভ...

ডিজিটেল সংবাদ, চিৰাংঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ ভোটগণনা কাজলগাঁৱৰ জিলা কেন্দ্ৰত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত মুঠ ১৪ টা টেবুলত ২০ ৰাউণ্ডত ভোটগণনা কৰা হয়। ভোটগণনাৰ আৰম্ভণিৰ পৰাই পূৰ্বৰ অনুমান কৰাৰ দৰে এনডিএ তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মাজতে ভোট যুদ্ধ সীমাবদ্ধ থাকে যদিও প্ৰতি ৰাউণ্ডতে ভোটৰ সংখ্যাৰ দিশত জয়ন্ত বসুমতাৰী লাহে লাহে আগবাঢ়ি থকা পৰিলক্ষিত হয় ।

Advertisment

২০ ৰাউণ্ডৰ অন্তত এনডিএ তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ খাম্ফা বৰগয়াৰীক ৭৫২৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে । ১৯ নং চিদলী-চিৰাং বিধানসভা ভোটগণনাত স্থানীয় বিধায়ক তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে মুঠ ভোট লাভ কৰে ৭৫৩১৭ টা আৰু তাৰ বিপৰীতে বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰে ৬৭৭৮৮ টা ভোট ।

উল্লেখ্য যে চিদলী-চিৰাং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে লাভ কৰে ১১০০৩ টা ভোট, জিএচপিৰ বিনীতা ডেকাই লাভ কৰে ৮১৮৪ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী পৃথিবী নাৰায়ণ দেৱ মেছে লাভ কৰে ৫৪২৪ টা ভোট, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াই লাভ কৰে ২২০৪ টা।

ইপিনে বিয়লিৰ ভোট গণনাৰ ফলাফল আনুষ্ঠানিক ঘোষণাৰ আগতেই কাজলগাঁৱত আৱতৰীয়া দীপাৱলী সদৃশ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। জিলা ইউপিপিএলৰ কাৰ্য্যালয়ত দলীয় নেতা কৰ্মীসকলে আতচবাজী ফুটাই আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয়। সংগীতৰ তালে তালে দলীয় নেতা কৰ্মী সকলে নাচি বাগি আনন্দ প্ৰকাশ কৰে ।

Also Read: নাগালেণ্ডত কংগ্ৰেছৰ অপ্ৰত্যাশিত জয়...

loksabha election kokrajhar jayanta basumatary chirang