/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8720cafa-b658-420a-8663-240dce34db1a/himanta_26.jpg)
চিলাপথাৰত মুখ্যমন্ত্ৰীৰ পট্টা বিতৰণ, লাচিত বৰফুকনৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন...
ডিজিটেল সংবাদ চিলাপথাৰঃ ধেমাজি জিলাৰ চিলাপথাৰ দঃঞি পঃলঃ সাংস্কৃতিক প্ৰকল্পত নৱগঠিত ৭৯ নং চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ ১২৫১০ গৰাকী খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
চিচিবৰগাওঁ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা প্ৰায় অৰ্ধ লক্ষাধিক লোকৰ সন্মুখত বসুন্ধৰা ২.০ ৰ অধীনত পট্টা বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় - বিগত এবছৰ নমাহত চৰকাৰখনে যুগ যুগ ধৰি ভূমি পট্টাৰ পৰা বঞ্চিত হৈ থকা খিলঞ্জীয়া লোকে এইখন চৰকাৰৰ দিনত নিজৰ ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। চৰকাৰখনে বসুন্ধৰা ২.০ ৰ যোগে ৰাজ্যৰ প্ৰায় ২ লাখ খিলঞ্জীয়া লোকক পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ অংশৰূপে চিচিবৰগাওঁ সমষ্টিৰ প্ৰায় ১২,৫১০ জন ৰাইজে আজি পট্টা পাইছে। বংশগত বাবে অসমৰ জনজাতি ৰাইজক ৬০ বিঘা ভূমি লৈ মাটি ম্যাদি কৰিবলৈ সুযোগ দিয়া হৈছে। এতিয়াৰ পৰা অসমৰ ট্ৰাইবেল বেল্ট এণ্ড বক্লত আহোম, কোচ ৰাজবংশী, গোৰ্খা, মৰাণ মটক, চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ লোকে ৩ প্ৰজন্মৰ নথি অবিহনেই পোনপটীয়াকৈ লাভ কৰিব ভূমি-পট্টা।
চৰকাৰখনে অৰুনোদইৰ সংখ্যা ২৭ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি কৰিছে। প্ৰায় ৪২ লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে বিনামূলীয়াকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে কিছুদিন পাছত প্ৰায় ৩৫ হেজাৰ নতুন চাকৰি প্ৰদান কৰা হ'ব। ৰাজ্যৰ মহিলাসকলৰ বাবে অহা ২ ৰ পৰা ৬ মাৰ্চত লাখপতি বাইদেউৰ বাবে ফৰ্ম জমা ল'ব।
মেট্ৰিক পাছ কৰা ছোৱালীক ১০,০০০ টকা,ডিগ্ৰী পঢ়িলে ১২,৫০০ টকা , বিশ্ববিদ্যালয়ত নাম লগালে ১৫,০০০ টকা একাউণ্টত দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পট্টা বিতৰণৰ পূৰ্বে মাদুৰিপথাৰস্থিত লাচিত সমন্বয় ক্ষেত্ৰত উন্মোচন কৰে মহাবীৰ লাচিত বৰফুকনৰ আৱক্ষ প্ৰতিমূৰ্তি।
লগতে ১০০ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা চিচিবৰগাওঁ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ শুভ উদ্বোধন কৰাৰ লগতে চুমনি গাৰ পৰা আমগুৰিলৈ লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰায় গাইনদীৰ মাথাউৰিৰ সম্প্ৰসাৰণ (প্ৰথম পৰ্যায়), ৪খন শ্বাটাৰ চুইছসহ গাইনদীৰ মাথাউৰিৰ সম্প্ৰসাৰণ (দ্বিতীয় পৰ্যায়),জীয়াধল মাথাউৰিত ২০০ শ্বাটাৰ চুইছ নিৰ্মাণ, কুমটীয়াৰ বালিচাপৰিৰ পৰা হাতীগড় এলেকালৈ মাথাউৰি সম্প্ৰসাৰণ, ধেমাজি আৱৰ্ত্ত ভৱন আৰু চিলাপথাৰত নগৰৰ ১৩৬৪ টা দৰিদ্ৰ পৰিয়ালক পি এম এ ৱাই আৱাস গৃহ নিৰ্মাণৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাৰ লগতে বিধায়ক ভূৱন পেগু উপস্থিত থাকে।
বীৰ লাচিত প্ৰণামো তোমাক 🙏
Dedicated a statue of the brave Ahom General, Mahabir Lachit Barphukan at Dhemaji today.
Lachit's ideals continue to inspire us to serve Aai Asomi with vigour and we are taking all steps to popularise his legacy across Bharat. pic.twitter.com/QpYJ5LHlzs— Himanta Biswa Sarma (@himantabiswa) February 26, 2024
Also Read: ৰঙিয়াত নগদ ধনসহ জুৱাৰীক আটক...