অসমত বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী ৰাজস্থানৰ দৰা

অসমত বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী ৰাজস্থানৰ দৰা

author-image
Asomiya Pratidin
New Update
অসমত বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী ৰাজস্থানৰ দৰা

ডিজিটেল ডেস্কঃ বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল বহিঃৰাজ্যৰ দৰা। লংকাৰ পাঞ্জাৱী বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি, এগৰাকী নাবালিকাক বিয়া কৰাবলৈ ৰাজস্থানৰ পৰা আহিছিল বৰযাত্ৰীৰ দলটো। নাবালিকা গৰাকীৰ এগৰাকী সম্বন্ধীয়ই নাবালিকা গৰাকীক বিয়া কৰাবলৈ লৈ আহিছিল ৰাজস্থানৰ দলটো। কিন্তু নাবালিকা গৰাকীৰ মাতৃয়ে নিজ কন্যাক বিয়া দিবলৈ আপত্তি কৰাত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে জনোৱা মতে, বৰযাত্ৰীৰ দলটোত ৩ জন ৰাজস্থানী লোকৰ থকাৰ লগতে অন্য ৪জন লোকো আছিল। নাবালিকা গৰাকীৰ মাতৃয়ে বিয়া দিবলৈ অমান্তি হোৱাৰ পিছতো বৰযাত্ৰীসকলে জোৰকৈ বিয়া পাতিব বিছৰাত মাতৃগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত ৭জন লোকক আটক কৰে।

Also Read: পুনৰ চাইবাৰ অপৰাধ : দিশপুৰ থানাত উপস্থিত বহিঃৰাজ্যৰ ভুক্তভোগী

assampolice