পুনৰ চাইবাৰ অপৰাধ : দিশপুৰ থানাত উপস্থিত বহিঃৰাজ্যৰ ভুক্তভোগী

পুনৰ চাইবাৰ অপৰাধ : দিশপুৰ থানাত উপস্থিত বহিঃৰাজ্যৰ ভুক্তভোগী

ডিজিটেল ডেস্কঃ মহানগৰীত উৎখাত কৰা চাইবাৰ চক্রৰ ন ন তথ্য ক্ৰমাত পোহৰলৈ আহিছে। নিতে ন ন কৌশলেৰে সাধাৰণ জনতাক লুটি আছে অপৰাধীসকলে। এইবাৰ ধনৰ প্রলোভনেৰে বহিঃৰাজ্যৰ যুৱকক প্রৱঞ্চনা অসমৰ চাইবাৰ অপৰাধীৰ।

ঘটনাৰ বিৱৰণ অনুসৰি, নাগপুৰৰ ৰহমান আনছাৰী নামৰ যুৱকজনৰ একাউন্টত অসমৰ কোনো অজ্ঞাতে ভৰাই দিছিল ২,২০৫টকা। ইয়াৰ পিছতে যুৱকজনৰ বেংক একাউণ্ট ফ্রীজ কৰি দিছিল চাইবাৰ অপৰাধীয়ে। ভুক্তভোগী যুৱকজনে চাইবাৰৰ ট’ল ফ্রী নম্বৰ যোগে দাখিল কৰিছিল অভিযোগ।

উক্ত ঘটনা সন্দৰ্ভত নাগপুৰৰ ভুক্তভোগী যুৱকজন দিছপুৰ থানাত উপস্থিত হৈছে। জানিব পৰা মতে দিছপুৰ আৰক্ষীয়ে গোচৰটো চি আই ডি আৰু চাইবাৰ চেললৈ প্রেৰণ কৰিছে।

পুনৰ চাইবাৰ অপৰাধ : দিশপুৰ থানাত উপস্থিত বহিঃৰাজ্যৰ ভুক্তভোগী
অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in