ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীত নিতুমণি শইকীয়া, হৃষিকেশ গোস্বামী আৰু জাদৱ পায়েঙৰ অংশগ্ৰহণ...

ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীত নিতুমণি শইকীয়া, হৃষিকেশ গোস্বামী আৰু জাদৱ পায়েঙৰ অংশগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীত নিতুমণি শইকীয়া, হৃষিকেশ গোস্বামী আৰু জাদৱ পায়েঙৰ অংশগ্ৰহণ...

ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীত নিতুমণি শইকীয়া, হৃষিকেশ গোস্বামী আৰু জাদৱ পায়েঙৰ অংশগ্ৰহণ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ 'বিদ্যালয় আমাৰ বাবে জীৱনৰ গঢ়া কৰ্মশালাই নহয় বিদ্যালয়সমূহে আমাৰ জাতি গঢ়াৰ কৰ্মশালা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিগত দিনবোৰত এই বিদ্যালয়সমূহৰ পঢ়ি জাতীয়তাবোধ গঢ়ি আমাৰ ভাষা, সাংস্কৃতি আৰু সাহিত্য টনকিয়াল কৰা একাংশ মনীষীৰ বাবে আমি অসমীয়া এটা চহকী সংস্কৃতিৰ জাতি হিচাপে ঠিয় হৈ আছো।'- এই মন্তব্য বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমণি শইকীয়াৰ।

Advertisment

আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত "ছাত্ৰ, ছাত্ৰীৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ" শীৰ্ষক আলোচনাচক্ৰত মুখ্য বক্তা হিচাবে উপস্থিত থাকি তেওঁ লগতে কয় যে, এটা জাতি জীয়াই থাকিবলৈ হলে তিনিতা উপাদানৰে নিৰ্ভৰশীল হ'ব লাগিব। সেই তিনিটা হৈছে নিজস্ব ভাষা, সাংস্কৃতি আৰু সাহিত্য।

আমাৰ নিজস্ব ভাষা আছে, চহকী সংস্কৃতি আছে আৰু সাহিত্যৰ সম্ভাৰ আছে। আমাৰ ভাষাটোক লৈ আমি স্বাভিমান। বিগত কালত চৰকাৰী মাধ্যমৰ বিদ্যালয়ে অসমীয়া ভাষাটোৰ উত্তৰনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শিক্ষা ব্যৱস্থাটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেন্দ্ৰিক হোৱাটো দুৰ্বলতা।

চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ দ্বাৰা কেতিয়াওঁ উজ্বল ভবিষ্যত হ'ব নোৱাৰে। সকলোতে স্কিল ডেভেলপমেন্ট হ'বই লাগিব। আমাৰ নৰেন্দ্ৰ মোডী কিমান চোকা আমি নাজানো। কিন্ত তেওঁৰ ব্যক্তিত্বক কোনোবাই অস্বীকাৰ কৰিব পাৰিব নেকি? ডাঙৰ চাকৰি কৰিলেই ডাঙৰ মানুহ নহয়।"

উল্লেখযোগ্য যে, ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। এই মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছত স্মৃতি তৰ্পন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই। পাছত হলিৰাম শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে বিশিষ্ট পৰিবেশবিদ অৰন্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে।

দুপৰীয়া অনুষ্ঠিত আলোচনাচক্ৰত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব সাহিত্যিক হৃষিকেশ গোস্বামীয়ে কয়, প্ৰত্যেক ছাত্ৰ, ছাত্ৰীৰ মাজতে সম্ভাৱনীয়তা আছে। আমি সৰুতে জীৱন বোধ নজনা বাবে ভুল পথে যাওঁ। সকলোৰে মাজত প্ৰতিভা থাকে, সেই প্ৰতিভা পৰিস্ফুত কৰিবলৈ বাবে ভাল শিক্ষক লাগে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু গীত মাত নৃত্য, নাটকৰ সমাহাৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব।

Also Read: লখিমপুৰত 'বিয়লি'ৰ দ্বাদশ বৰ্ষপূৰ্তিঃ ডিমেনচিয়া, এলজাইমাৰ ৰোগীৰ পৰিচৰ্যা কেন্দ্ৰ উদ্বোধন...

বটদ্ৰৱা