/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5310d077-d7ae-47be-ba26-0ba85d699451/biyali_23.jpg)
লখিমপুৰত 'বিয়লি'ৰ দ্বাদশ বৰ্ষপূৰ্তিঃ ডিমেনচিয়া, এলজাইমাৰ ৰোগীৰ পৰিচৰ্যা কেন্দ্ৰ উদ্বোধন...
ডিজিটেল সংবাদ লখিমপুৰঃ জীৱনৰ বিয়লি বেলাত পৰিয়ালৰ দ্বাৰা অৱহেলিত বা একাষৰীয়া হোৱা লোকসকলৰ পৰিচৰ্যাৰ অৰ্থত লখিমপুৰত তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসে বিয়লি নামেৰে এক বয়োজ্যেষ্ঠৰ পৰিচৰ্যাৰ অনুষ্ঠান মুকলি কৰিছিল ৷ এঘাৰটা বৰ্ষ অতিক্ৰম কৰি শনিবাৰে বিয়লিয়ে দ্বাদশ বৰ্ষ সম্পূৰ্ণ কৰিলে ৷
তদুপলক্ষে স্বাধীনতা সংগ্ৰামী তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসে স্বাধীনতা সংগ্ৰামী গৰাকীৰ এক আৱক্ষ মূৰ্তি নিৰ্মান কৰি উলিয়ায় ৷ আৱক্ষ মূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্তই ৷
আনহাতে বিয়লিত নতুনকৈ ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগীৰ পৰিচৰ্যা কেন্দ্ৰ এটাও মুকলি কৰা হয় ৷ উল্লেখ্য যে মুক্তি যোদ্ধা তীৰ্থেশ্বৰ হাজৰিকাৰ ন্যাসৰহৈ বয়োজ্যেষ্ঠ সেৱালয় “বিয়লি” পৰিচালনা কৰে প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা আৰু ভাতৃ বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই ৷
গুৱাহাটীৰ আলটা ট্ৰেক ডায়গন’ষ্টিক কেন্দ্ৰৰ উদ্যোগত ডিমেনচিয়া ৰোগৰ বিনামূলীয়া চিকিৎসা কৰা হ’ব ৷ উল্লেখ্য যে, বয়স বঢ়াৰ লগে লগে অজানিতে বহুলোক এলজাইমাৰ আৰু ডিমেনচিয়াৰ চিকাৰ হয়৷ এই ৰোগৰ পৰা পৰিত্ৰানৰ উপায় কি আৰু কেনেকৈ সজাগ হ’ব তাৰ ওপৰত বিশদ বৰ্ণনা আগবঢ়াই চিকিৎসকসকলে ৷
“বিয়লি” পৰিচালন ট্ৰাষ্টি বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই সমন্বয়ক হিচাবে থাকি এই দুবিধ ৰোগৰ ওপৰত প্ৰতিবছৰে সজাগতাৰ সৃষ্টি কৰি আহিছে ৷ এলজাইমাৰ আৰু ডিমেনচিয়া কেন্দ্ৰৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্হিত থাকি অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব পৰমেশ দত্তই বিৰিঞ্চি প্ৰসন্ন হাজৰিকা আৰু তেঁওৰ পৰিয়ালৰ সদস্যসকলক ধন্যবাদ জনাই কয়, ডিমেনচিয়াত ভোগাসকল নানান শাস্তিৰ সন্মুখীন হয় পৰিয়ালৰ দ্বাৰা ৷
এওলোকৰ পৰিচৰ্যাৰ ব্যৱস্হা কৰি এক মহৎ কাম সম্পাদন কৰিছে ৷ অনুষ্ঠানটোত উপস্হিত থাকি প্ৰসিদ্ধ নাট্যকাৰ ঘন হাজৰিকাই কয়, সময়ৰ আহ্বানত বিয়লিয়ে এক নতুন ৰূপত পৰিচয় লাভ কৰিছে ৷ তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ট্ৰাষ্টে এক নিদৰ্শন দাঙি ধৰিছে ৷
এই উদ্দেশ্যত এক সভাও অনুষ্ঠিত হয় ৷ লখিমপুৰৰ প্ৰায় ষাঠিগৰাকী বিশিষ্ট জ্যেষ্ঠ ব্যক্তি উপস্হিত থকা সভাখনত বিয়লিৰ “মনোৰঞ্জনৰ” দ্বাৰা ৬০ বছৰৰ উৰ্ধৰ ২০ গৰাকী সদস্যই সমবেত সংগীত পৰিবেশন কৰে ৷
Also Read: মৃত কুকুৰাৰে ভৰি পৰিল হাজো থানাৰ চৌহদঃ ঘটনাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি...