ৰাইডঙীয়াৰ ক'ৰছুং ছহীদ স্মৃতি খেলপথাৰত উখল-মাখল পৰিৱেশ...

সোণাই নদীৰ উত্তৰ পাৰৰ শতাধিক বয়োজেষ্ঠ, শিল্পী, সাহিত্যিক, শিক্ষক, সমাজকৰ্মীৰ অন্তৰংগ আলাপ অনুষ্ঠানেৰে মুখৰিত হ'ল সোণাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়াৰ ক'ৰছুং ছহীদ স্মৃতি খেলপথাৰত উখল-মাখল পৰিৱেশ...

ডিজিটেল সংবাদ, বটদ্ৰৱা : সোণাই নদীৰ উত্তৰ পাৰৰ শতাধিক বয়োজেষ্ঠ, শিল্পী, সাহিত্যিক, শিক্ষক, সমাজকৰ্মীৰ অন্তৰংগ আলাপ অনুষ্ঠানেৰে মঙলবাৰে সোণাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচীত সম্পন্ন হয়। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া ক'ৰছুং ছহিদ স্মৃতি খেলপথাৰত সোমবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় ৩৬ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী।

Advertisment

সোমবাৰে বিভিন্ন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত মঙলবাৰে পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰবীন চন্দ্ৰ কলিতাই আৰু স্মৃতি তৰ্পন কৰে কাৰ্যকৰী সভাপতি নৱ কুমাৰ বৰাই। ইয়াৰ পিছতে কল্পনা ভূঞাৰ সোঁৱৰণত পৰম্পৰাগত খেল-ধেমালী আৰু স্থানীয় শিল্পীসকলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন কৰা হয়।

দুপৰীয়া অঞ্চলটোৰ ২৭ খন গাঁৱৰ শতাধিক বিশিষ্ট, জেষ্ঠ ব্যক্তিৰ অংশগ্ৰহণেৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। শিল্পী, শিক্ষক বুধেন বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অশিতীপৰ শিল্পী তথা ৰাইডঙীয়াৰ নতুন ভোগবাৰীৰ লোকসংস্কৃতিৰ সাধক, কলংপৰীয়া শিল্পী বঁটা প্ৰাপক মানিক কলিতা, ধীৰচিং পাটৰ, তিলক ডেকা, উমাকান্ত হাজৰিকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অতীত ৰোমন্থন কৰি মনোৰম পৰিৱেশৰ সূচনা কৰে।

ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক গোবিন চন্দ্ৰ দাসে শুভাৰম্ভ কৰা ব্যতিক্ৰমী অনুষ্ঠানটিত মুুখ্য উপদেষ্টা ৰোহিনী বৰা, সম্পাদক প্ৰমোদ কুমাৰ দাস, সহ সম্পাদক ভাস্কৰজ্যোতি ভূঞাকে আদি কৰি অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। সন্ধিয়া জিলা ভিত্তিত জেং বিহু প্ৰতিযোগিতা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। উল্লেখ্য যে, নিশা ৯ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জাগৃতি কলিতাৰ পৰিচালনাত বিহু নৃত্য, উদয়ণ সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য অনুষ্ঠান আৰু জনপ্ৰিয় কন্ঠশিল্পী গীতাঞ্জলি দাসৰ গীতৰ অনুষ্ঠানত অনুষ্ঠিত হব।

Also Read: মদাৰেই নহয়, কৃষ্ণচূড়াইও আকাশত জুই লগাব পাৰে...

bihu celebration