ৰাইদঙীয়া হলিৰাম শইকীয়া উ: মা: বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভণি...

ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰথম অনুষ্ঠান। সোমবাৰে কাৰ্যালয় মুকলি...

author-image
Asomiya Pratidin
New Update
ৰাইদঙীয়া হলিৰাম শইকীয়া উ: মা: বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভণি...

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিছে। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

Advertisment

তাৰেই প্ৰথম কাৰ্যসূচী সোমবাৰে আৰম্ভ হয়। মহাৰজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী উপলক্ষে সোমবাৰে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্রাক্তন শিক্ষাৰ্থী সকলোৰে উপস্থিতত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাৰজত জয়ন্তীৰ বাবে এটি কাৰ্যালয় মুকলি কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়াই।

ইয়াৰ পাছত অনুষ্ঠিত মুকলি সভাত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰা, সাধাৰণ সম্পাদক মুক্তি দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কৃষ্ণকান্ত মহন্ত, উমাকান্ত হাজৰিকা, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি নৱকমল ৰাজা, কমল কলিতা, কিৰণ হাজৰ, কৃষ্ণ নাথ, ৰহিমা খাতুন আহমেদ, তুলিকা গায়ন, ধিৰচিং পাটৰকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিহু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Also Read: দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...

Batadrawa