কামপুৰত আবকাৰী বিভাগৰ অভিযান : ৩ জনক আটক

কামপুৰত আবকাৰী বিভাগৰ অভিযান : ৩ জনক আটক

author-image
Asomiya Pratidin
New Update
কামপুৰত আবকাৰী বিভাগৰ অভিযান : ৩ জনক আটক

ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰে কামপুৰত আবকাৰী বিভাগৰ এক অভিযানত বৃহৎ পৰিমানৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৩গৰাকী মদ ব্যৱসায়ীক আটক কৰে।কামপুৰৰ আবকাৰীয়ে চাপৰমুখ আৱকাৰী সহযোগৰে কামপুৰৰ থানাৰ অন্তৰ্গত বিলচাআটি আৰু তেতেলীসৰা গ্ৰাণ্টত অভিযান চলায়।

Advertisment

উল্লেখ্য যে, দীঘ্যদিন ধৰি দুয়োখন গাঁৱত চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ পাইছিল আবকাৰী বিভাগে। শনিবাৰে আবকাৰী বিভাগে বিলচাআটিৰ ৰিতা পাটৰ, গজেন বৰদলৈ আৰু তেতেলীসৰা গ্ৰাণ্টৰ পুতুলী ডেকাৰজাৰ ঘৰৰ পৰা ৬০ লিটাৰ চুলাই মদৰ লগতে মদ বনোৱা সা-সামগ্ৰী জব্দ কৰে।

এই অভিযানত অংশ লয় কামপুৰ আবকাৰী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পনা নায়ক, চাপৰমুখৰ সহ ভাৰপ্ৰাপ্ত বিষয়া জামালউদ্দিন, কামপুৰৰ সহ ভাৰপ্ৰাপ্ত বিষয়া মাইকেল ৰংপি আৰু ডবকাৰ সহ ভাৰপ্ৰাপ্ত বিষয়া পুনিৰাম টিমুঙে।

Also Read: আজি বিশ্বকাপৰ মহাৰণ, সমুখ সমৰত ভাৰত-পাকিস্তান

আবকাৰী বিভাগ